মাজুলী মহাবিদ্যালয়লৈ গ্ৰন্থ ক্ৰয়ৰ বাবে এক লাখ টকা আগবঢ়ালে প্ৰাক্তন অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই

A

নিউজ ডেস্ক:

'গ্ৰন্থদান মহান দান'–এই বাণীক আদৰ্শ হিচাপে সাৰোগত কৰি মাজুলীৰ  উচ্চশিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ে বিগত ২০১৬ চনৰ ৮ নৱেম্বৰৰ পৰা গ্ৰহণ কৰি অহা গ্ৰন্থ-সংগ্ৰহ কাৰ্যসূচীৰ যোগেদি মহাবিদ্যালয়খনৰ পুথিভঁৰালত আজিকোপতি প্ৰায় বিশ হাজাৰৰো অধিক গ্ৰন্থ সংগৃহীত হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নিজা পৰিকল্পনা আৰু উদ্যোগ, গ্ৰন্থাগাৰিক, শিক্ষক-কৰ্মচাৰীৰ অকুণ্ঠ সহযোগত পাঁচ বছৰ অতিক্ৰম কৰা সেই কার্যসূচীত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে ৰাজ্যৰ বাহিৰৰ সুধীসমাজে দুখীয়া শিক্ষাৰ্থীসকলৰ উপকাৰত অহাকৈ গ্ৰন্থদান কৰি মহাবিদ্যালয়খনৰ প্ৰতি বিশেষ শুভেচ্ছা ব্যক্ত কৰি অহাৰ সময়তে মহাবিদ্যালয়খনৰ একালৰ অধ্যক্ষ তথা বৰ্তমান ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ-লেখক ডঃ শশীকান্ত শইকীয়াই আজি মহাবিদ্যালয়ৰ শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামী গ্ৰন্থাগাৰলৈ কেইবাখনো বহুমূলীয়া গ্ৰন্থৰ লগতে গ্রন্থ ক্ৰয়ৰ বাবে নগদ এক লক্ষ টকা দানসূত্ৰে আগবঢ়ায়। আজি আউনীআটী সত্ৰত উদযাপিত অসম ভাওনা সমাৰোহৰ এক বিশেষ কার্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মাজুলীলৈ অহা স্বচ্ছ ভাৰত মিছনৰ ব্ৰেণ্ড এম্বেচেডৰ তথা বিশিষ্ট চিন্তাবিদগৰাকীয়ে মাজুলী মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ হাতত আনুষ্ঠানিকভাবে গ্ৰন্থৰাজিৰ লগতে ধনৰ টোপোলাটো অৰ্পণ কৰে। গ্ৰন্থদান উপলক্ষে অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত আদৰণি ভাষণ দি গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে মহাবিদ্যালয় গ্ৰন্থাগাৰলৈ আগবঢ়োৱা অমূল্য গ্ৰন্থ-সম্ভাৰৰ বাবে ডঃ শশীকান্ত শইকীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অৱনী কুমাৰ দত্ত, প্ৰশাসনিক সমন্বয়ক হৰেন চন্দ্ৰ শইকীয়া, মহাবিদ্যালয় আই কিও এ চিৰ সমন্বয়ক ডঃ দেৱভূষণ বৰা, অধ্যাপক অজিত কুমাৰ শইকীয়া,তুলসী ৰাজখোৱা, কৰ্মচাৰী গোটৰ সভাপতি গোবিন বৰুৱা, সম্পাদক পদ্মধৰ বৰুৱা প্ৰমুখ্যে বক্তাসকলে নিজৰ অনুভৱ ব্যক্ত কৰি মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াৰ বাদান্যতাক শলাগ লয় আৰু তেওঁৰ এনে প্ৰয়াসে নৱ প্ৰজন্মৰ গ্ৰন্থ-প্ৰীতি বৃদ্ধিত সহায় কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত ডঃ শশীকান্ত শইকীয়াই নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে মাজুলী মহাবিদ্যালয়ক তেওঁ হিয়াৰ নিভৃততম কোণৰপৰা ভাল পায়। এই মহাবিদ্যালয়ৰ উন্নতিৰ স্বার্থত ভৱিষ্যতেও অধিক আৰ্থিক বৰঙণি যোগোৱাৰ ইচ্ছা থকাৰ বিষয়ে তেওঁ সভাত অৱগত কৰে। সভাত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে কানৈ মহাবিদ্যালয়ৰ আই চি জি চিৰ সহঃ সমন্বয়ক মণ্ডিতা চেতিয়া, প্ৰাক্তন শিক্ষাৰ্থী ফণীভূষণ দাস আৰু গৌতম চেতিয়াও উপস্থিত থাকে।

Your Comments