পাণ্ডুত দিন দুপৰতে ভয়ংকৰ অগ্নিকাণ্ড

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ড ।পাণ্ডু ৰেলৱে বজাৰৰ সমীপৰ লোক কলনিত দিন দুপৰতে শুকুৰবাৰে সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা।অগ্নিকাণ্ডত দুটাকৈ পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও পৰিয়াল দুটাৰ বাসগৃহৰ লগতে সকলো সা-সম্পত্তি  জুইত জাহ যায়।অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা মতে- শুক্ৰবাৰে দুপৰীয়া ১২.২০ বজাৰ পিছত এই অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডত সুনিল বাছফৰ আৰু ৰামপ্ৰীত বাছফৰৰ তৰ্জা আৰু টিনেৰে নিৰ্মিত ৫টা কোঠালীৰ দুটা ঘৰ জুইত ভস্মীভূত হয়।ভয়ংকৰ অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিষ্ফোৰণ হোৱাৰ লগতে সা-সামগ্ৰী, সোণৰ অলংকাৰসহ প্ৰায় ৭লাখ টকাৰ সম্পত্তি নিঃশেষ হয়।
ইফালে অগ্নিকাণ্ডৰ প্রকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।জুই নির্বাপন কৰিবলৈ তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰয়োজন হয়।

Your Comments

Related Articles