যোৰাবাটৰ ৰাজপথতে দাও দাও কৈ জ্বলিল ১২চকীয়া ট্ৰাক

A

নিউজ ডেস্ক:

মহানগৰীৰ যোৰাবাটৰ ৰাজপথতে চলন্ত ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড।যোৰাবাটৰ ১০মাইলৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।প্ৰাপ্ত খবৰ মতে আগৰতলাৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল JK 02 CG 9975 নম্বৰৰ ১২চকীয়া ট্ৰাকখন।ৰবৰ ভৰ্তি ট্ৰাকখন মুহূৰ্ততে জুইত সম্পূৰ্নৰূপে জাহ যায়।ৰাজপথতে দাও দাওকৈ জ্বলি উঠা ট্ৰাকখনৰ জুই নির্বাপক কৰাৰ বাবে প্ৰয়োজন হয় ৪খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
উল্লেখ্য যে যান্ত্ৰিক বিজুতিৰ বাবেই ট্ৰাকখন জ্বলি উঠাৰ সন্দেহ।সৌভাগ্যক্ৰমে দূর্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Your Comments

Related Articles