গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ-M.COM পৰীক্ষাৰ সময়সূচী প্ৰকাশ; ১০ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা

A

B

নিউজ ডেস্ক:

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থগিত হৈ থকা স্নাতকোত্তৰ আৰু এম.কমৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ।অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই পৰীক্ষা।২৬ফেব্ৰুৱাৰীত সামৰণি পৰিব পৰীক্ষা।মঙলবাৰে এখন জাননীৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে এই কথা।

উল্লেখ্য যে জাননীত প্ৰকাশ পোৱা অনুসৰি পৰীক্ষাৰ সামৰণি পাছতে ২৮ফেব্ৰুৱাৰীৰ পৰা পুনৰ  ষান্মাষিকৰ শ্রেণীসমূহ আৰম্ভ হ’ব।

গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বে সময়সূচী ঘোষণা কৰিও শেষ মুহূৰ্তত পৰীক্ষা স্থগিত কৰিছিল কৰ্তৃপক্ষই।

Your Comments