অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব অনলাইন ডিষ্টেন্স লাৰ্ণিঙ প্ৰগ্ৰেম: অসমত প্ৰথমবাৰৰ বাবে হ'ব বন্যজীৱৰ গৱেষণা

A

 
নিউজ ডেস্ক:
নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমৰ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত বৃহৎ পৰিৱৰ্তন সাধন কৰিবৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।গুৰুত্ব পূৰ্ণ কথা এই যে ,কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অনলাইন দূৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ লগতে অসমত প্ৰথমবাৰৰ বাবে বন্যজীৱৰ ওপৰত পদ্ধতিগতভাৱে শিক্ষা আৰু গৱেষণা আৰম্ভ কৰাৰ আঁচনি গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই নৱবৰ্ষ উপলক্ষে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই বিষয়ে কয় যে, ''অসমত বৰ্তমানলৈকে পদ্ধতিগতভাৱে বন্যজীৱৰ ওপৰত যথোচিত গৱেষণা হোৱা নাই । সেয়ে আমাৰ বিশ্ববিদ্যালয়ে উৎসৰ্গীকৃত মনোভাৱেৰে এই দিশত গৱেষণাৰ বাবে আগবাঢ়িব । তাৰ বাবে আমি নিজাকৈ এটা বন্যজীৱ কেন্দ্ৰ, বন বিভাগ বা এই দিশৰ সংশ্লিষ্ট সকলৰ লগত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িম । আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষক বিজ্ঞানী সকলে এই দিশৰ লগত জড়িত হ’ব । নতুন ডিজিটেলাইজেশ্যন পদ্ধতিৰ অধীনত অনলাইন ডিষ্টেনচ লাৰ্নিং প্ৰ'গেম আৰম্ভ কৰা হ’ব" ।

Your Comments