নিউজ ডেস্ক:
ব্যক্তিগত প্ৰতিষ্ঠান এমট্ৰ'নৰ ২.৫০ কোটি টকা বেংক একাউণ্ট হেক কৰি হৰলুকীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিক বিষয়া।চিআইডিৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰাহুল হুজুৰী।বৃহস্পতিবাৰে আবেলিৰ ভাগত সোধ-পোছৰ বাবে আটক কৰিছিল বিষয়া গৰাকীক।
অসম চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান টোৰ এমডি এম কে যাদৱে দাখিল কৰা এজাহাৰৰ ভিত্তিতে গাণনিক বিষয়া গৰাকীক দীর্ঘসময় জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে চিআইডিয়ে।
উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ৰাহুল ১২ বছৰ ধৰি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল।টেৰেচাৰ্চ নামৰ কোম্পানীক পৰিশোধ কৰিব লগা আছিল ধন। ।বেংক অৱ মহাৰাষ্ট্ৰ গুৱাহাটীস্থিত লাখটকীয়াৰ শাখা একাউণ্টৰ পৰা হৰলুকী হৈছিল টকাখিনি।ভুৱা এটা মেইলৰ জৰিয়তে টকা খিনি হৰলুকী কৰা বুলি এমডি গৰাকীয়ে উল্লেখ কৰে।
আনহাতে,হুজুৰীক গ্ৰেপ্তাৰৰ পাছতে এমট্ৰ'নৰ কাৰ্যালয়ত উপস্থিত হৈছে চিআইডিৰ তদন্তকাৰী দল ।হৰলুকী ঘটনাত আৰু জড়িত আছে নেকি তাৰ বাবে চলাইছে এই অভিযান।বেংক অৱ মহাৰাষ্ট্ৰ গুৱাহাটীস্থিত শাখাটো তদন্ত চলাব চিআইডিয়ে।
- Log in to post comments
- 26 views