কোকৰাঝাৰত চোৰাং ঘেঁহুসহ ট্ৰাক জব্দ আৰক্ষীৰ

A

 

নিউজ ডেস্ক:

ধুবুৰীৰ পৰা চোৰাংভাৱে বৰপেটা অভিমুখে কঢ়িয়াই নিয়া দুই ট্ৰাক পিডিএছৰ ঘেঁহু কালি  কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিছে । উল্লেখ্য যে বৰপেটালৈ চোৰাংভাৱে পিডিএছৰ ঘেঁহু সৰবৰাহ কৰোতেই কোকৰাঝাৰ ধুবুৰী সীমান্তৰ ফ্লৰিকান গাৰ্ডেনৰ নিকটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে ঘেঁহু সহ দুখন ট্ৰাক জব্দ কৰে । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে জনোৱামতে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ পৰা চোৰাংভাৱে বৰপেটা অভিমুখে কঢ়িয়াই নিয়া দুই ট্ৰাক পিডিএছৰ ঘেঁহু কোকৰাঝাৰত জব্দ কৰা হয় ।

Your Comments