অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া মানুহজন এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহিছে এই মন্তব্য ভূপেন বৰাৰ

A



নিউজ ডেস্ক:
এফালে থাওৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা, আনফালে ডিমৌ চাৰিআলিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত ৰাজ্যিক সভাপতিৰ উপস্থিতিত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু থাওৰা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত কেইবাটাও দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট । ধৰ্মঘটত  উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, 'পৃথিৱীয়ে যদি কক্ষপথত ঘুৰিবলৈ ৩৬৫ দিন লয়, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মেৰুদণ্ডত ঘূৰিবলৈ ছমাহো সময় নালাগে । ছমাহৰ আগত থাওৰাত আহি সুশান্ত বৰগোহাঁইক এটাও ভোট নিদিবলৈ কোৱা মুখ্যমন্ত্ৰীয়ে এইবাৰ আহি সুশান্ত বৰগোহাঁইক ভোট দিবলৈ প্ৰচাৰ চলাইছে । বিজেপি চৰকাৰে কেৱল মিছা প্ৰতিশ্ৰুতি দি আহিছে । অসমৰ ৰাইজৰ সমস্যা সমাধানৰ কৰাত ব্যৰ্থ হোৱা চৰকাৰে থাওৰাত উন্নয়নৰ কথা কোৱাৰ কোনো মূল্য নাই । অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া মানুহজনেই এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহিছে বুলি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে । লগতে সভাপতি গৰাকীয়ে কয়, নিজৰ ৰাজনৈতিক হাবিয়াস পুৰণ কৰিবলৈ উপ নিৰ্বাচনত অংশ ল'বলৈ ৰাইজক বাধ্য কৰাইছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই চলিছে অসমৰ সম্প্ৰীতি ধ্বংসৰ ষড়যন্ত্ৰ ।'

Your Comments