তামিলনাডুত পুনৰ লাভ জেহাদৰ বলি হ'ল অসমৰ যুৱতী

A

B

নিউজ ডেস্ক:
তামিলনাডুত পুনৰ লাভ জেহাদৰ বলি হ'ল অসমৰ যুৱতী৷ অসমৰ যুৱকে তামিলনাডুত ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাইছিল ধেমাজিৰ এগৰাকী যুৱতীক৷ ভুৱা পৰিচয়েৰে হোজাইৰ নখুটিৰ জচিম উদ্দিন নামৰ যুৱকজনে প্ৰেমৰ জালত পেলাই বিবাহ সম্পন্ন কৰিছিল যুৱতীগৰাকীৰ সৈতে৷ যচুমতি নাম লৈ যুৱকজনে তামিলনাডুত দীৰ্ঘদিন সংসাৰ কৰিছিল যুৱতীগৰাকীৰ সৈতে৷যুৱতীগৰাকীৰ বহু টকা পইচা আত্মসাৎ কৰি পিছত যুৱতীগৰাকীক প্ৰতাৰণা কৰে আৰু লংকাৰ নখুটিলৈ পলায়ন কৰে ভণ্ড প্ৰেমিক জচিম উদ্দিনে৷ তামিলনাডুৰ পৰা স্বামীক বিচাৰি ডবকাত উপস্থিত হোৱাৰ পিছতে ওলাল ওৰহী গছৰ ওৰ৷ দীৰ্ঘদিন সংসাৰ কৰা স্বামীৰ প্ৰকৃত পৰিচয় লাভ কৰি মূৰে কপালে হাত দিলে যুৱতীগৰাকীয়ে৷ দীৰ্ঘদিন হিন্দু যুৱক বুলি নিজকে পৰিচয় দিছিল জচিম উদ্দিনে৷ যচুমতি নাম লৈ প্ৰতাৰণা কৰিছিল যুৱতীগৰাকীক৷ যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত লামডিং আৰক্ষীয়ে আটক কৰিছে যচুমতি ওৰফে  জচিম নামৰ লম্পটজনক৷

 

Your Comments

Related Articles