অসমত ভোজপুৰী,মাৰোৱাৰী,বাঙালী আদি ফেডাৰেশ্যন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে : শৃংখল চলিহা

A



নিউজ ডেস্ক:
"অসমৰ বায়ু-পানী সেৱন কৰি অসমীয়াৰ বিৰুদ্ধে কৰা কোনো ষড়যন্ত্ৰ সহ্য কৰা নহ'ব।অসমত থাকি অসমীয়াৰ বিৰুদ্ধে সংগঠন জন্ম দিয়াটো মানি লোৱা নহ'ব । অসমত ভোজপুৰী, মাৰোৱাৰী, বাঙালী আদি ফেডাৰেশ্যন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগিব । ভাষাক লৈ আমি কোনো দিনে আপোচ কৰা নাই আৰু নকৰোঁ " --এই মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।
সত্যৰঞ্জন বৰাৰ দৰে নেতাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য বীৰ লাচিত সেনাৰ নেতা গৰাকীৰ । তেওঁ কয় যে, অসমত থাকি কোনো ধৰ্মকে অপমান কৰি মন্তব্য কৰাটোও সহ্য কৰা নহ'ব ৷ ইছলাম ধৰ্ম সন্দৰ্ভত সত্যৰঞ্জনে কৰা মন্তব্য ঘৃণনীয় বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।আনহাতে, শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক যিদৰে গ্ৰেপ্তাৰ কৰিছে একেদৰে অসমত সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সত্যৰঞ্জন বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে শৃংখল চলিহাই ।

 

Your Comments