বৰপেটাৰোড ৰে’ল ষ্টেচন পৰিদৰ্শন ভাৰতীয় ৰে’ল বিভাগৰ এটি দলৰ

A



নিউজ ডেস্ক:
 ভাৰতীয় ৰেল বিভাগৰ এটি দলে বুধবাৰে বৰপেটাৰোড ৰেল ষ্টেচন পৰিদৰ্শন কৰে৷ দলটোত অসমৰ প্ৰণৱ বৰুৱা, বিহাৰৰ প্ৰমোদ সিং আৰু জম্মুৰ জিতেন্দ্ৰ ভগত আছে। ইতিমধ্যে মঙলবাৰে ৰঙিয়া আৰু বঙাইগাঁও ৰেলষ্টেচন পৰিদৰ্শন কৰিছিল দলটোৱে । উল্লেখ্য যে বৰপেটাৰোড ৰেল ষ্টেচনত যাত্ৰী সকলৰ বাবে উপলব্ধ হবলগীয়া সা- সুবিধাবোৰ আছে নে নাই তাৰ বুজ লয় দলটোৱে ।
গুৰুত্বপূৰ্ণ কথা এই যে , যাত্ৰী সকলে পোৱা সুবিধা-অসুবিধা সমূহৰ লগতে ষ্টেচনটোৰ চাফচিকুণতা, কেটাৰিং চাৰ্ভিছ আদি পৰ্যবেক্ষণ কৰি বৰপেটাৰোড ৰে’ল ষ্টেচন কৰ্তৃপক্ষৰ লগত মতবিনিময় কৰে ৷ জানিব পৰা মতে, ৰেল লাইনৰ দ্বৈত সেৱাৰ সম্প্ৰসাৰণৰ কাম চলি থকাৰ বাবে অতিশীঘ্ৰে বৰপেটাৰোডত এখন নতুন প্লেট ফৰ্ম আৰু আন এখন ফুটব্ৰীজ পশ্চিম দিশত নিৰ্মাণ কৰা হ’ব ৷

Your Comments