সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰা হ’ল এজাহাৰ

A



নিউজ ডেস্ক:
সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তিৰ দাবী জনালে বৰক্ষেত্ৰীৰ একাংশ সচেতন লোকে ৷ ফেচবুকত ইছলাম ধৰ্ম প্ৰচাৰক তথা বিশ্বনবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাত বিতৰ্কিত হিন্দু নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে যোৱা দুই-দিন পূৰ্বে বিতৰ্কিত হিন্দু নেতা সত্যৰঞ্জন বৰাই ফেচবুকত ইছলাম ধৰ্ম প্ৰচাৰক তথা বিশ্বনবী হজৰত মহম্মদ ক ডকাইত বুলি কৈ চৰম অপমান কৰিছিল৷দেশৰ শান্তি-শৃংখলা বিনষ্ট কৰি বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও একাংশই মত প্ৰকাশ কৰে । বিতৰ্কিত সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক মন্তব্য কৰি ইছলাম ধৰ্মক আঘাট কৰাৰ লগতে ধৰ্মীয় অশান্তিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিছে বুলিও দাবী কৰে এজাহাৰ দাখিল কৰা লোক সকলে ৷

Your Comments