বটক্স কি ? ইয়াৰ উপযোগিতা আৰু প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতা

বটক্স কি ? ইয়াৰ উপযোগিতা আৰু প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতা

বটক্স কিইয়াৰ উপযোগিতা আৰু প্ৰয়োগৰ ক্ষেত্ৰত ’বলগীয়া সতৰ্কতা

                ডা০ ভূপেন শইকীয়া

আগকথা - আজি বিজ্ঞানৰ এক চমকপ্ৰদ আবিষ্কাৰৰ কথা লিখিব ওলাইছোঁ জনাব খুজিছোঁ কিদৰে জীৱন-সংহাৰী বৰবিহো বিজ্ঞানে মানুহৰ উপকাৰী পদাৰ্থত ৰূপান্তৰিত কৰিব পাৰে কব খুজিছোঁ ক্লষ্ট্ৰিডিয়াম বটুলিনাম (Clostri dium botulinum) নামৰ বেক্টেৰিয়াই উৎপন্ন কৰা মাৰাত্মক বৰবিহ বটুলিনাম টক্সিনৰ (Botulinum toxin) কথা ইমানেই বিষাক্তযে ১গ্ৰাম টক্সিনে এক নিযুত লোকৰ প্ৰাণ লব পাৰে আৰু ২কিলোগ্ৰাম টক্সিনে পৃথিবী জনশূণ্য কৰি তুলিব পাৰে বটুলিনাম টক্সিনে কৰা ৰোগৰ নাম ' বটুলিজম (Botulism) - যি ' অতি বিপদজনক ৰোগ আৰু শ্বাস প্ৰণালী বিকল কৰি ৰোগীক মৃত্যুমুখী কৰি তোলে এনেহেন বিষাক্ত ৰাসায়নিক দ্ৰব্যক অতি কম মাত্ৰাত লৈ তাক পাতল (dilute) কৰি মানুহৰ উপকাৰী পদাৰ্থলৈ পৰিণত কৰি তোলা হয় আৰু আজি কমেও  ২০বিধ স্বাস্থ্য সম্পৰ্কীয় অৱস্থাত ইয়াক প্ৰয়োগ কৰা হয়

বুৰঞ্জী - ১৮২০চনত জেষ্টিনাচ কেৰ্ণাৰ (Jestinus Kerner) নামৰ এজন ৰোমান্টিক জাৰ্মান কবি আৰু পেশাত চিকিৎসকে পোহনীয়া জন্তু আৰু নিজৰ শৰীৰৰ ওপৰত প্ৰয়োগ কৰি এটা ৰোগৰ বিৱৰণ দিয়ে - যাৰ নাম দিয়ে 'চেজ পইজনিং (Sausage poisoning) তেওঁ লক্ষ্য কৰে অক্সিজেনৰহিত বাতাবৰণত উৎপন্ন হোৱা এবিধ বেক্টেৰিয়াই উৎপন্ন কৰা দ্ৰব্য (টক্সিন) মানৱ জীৱনৰ বাবে বৰ বিপদজনক আৰু স্নায়ুৰ ক্ষতিকাৰক; কিন্তু অতি কম পৰিমানৰ টক্সিন হয়তো কিছুমান ৰোগৰ চিকিৎসাত  লগাব পৰা  যাব পাৰে

   ইয়াৰ ৭৫বছৰৰ পিছত (১৮৯৫চনত) এটি ঘটনাই ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়াৰ চিনাক্তকৰণ খৰতকীয়া কৰি তুলিলে   ইউৰোপৰ এঠাইত এটি ভোজত ভালদৰে সিদ্ধ নোহোৱা মাংস ভক্ষণ কৰি ৩৪জন লোকৰ মৃত্যু হয় সেই ঘটনাক কেন্দ্ৰ কৰি হোৱা চাঞ্চল্যইবটক্স কি ? ইয়াৰ উপযোগিতা আৰু প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতা বেক্টেৰিয়'লজিৰ অধ্যাপক ইমাইল ভান আৰ্মেনজেম (ৰবাৰ্ট 'চৰ এজন প্ৰিয় ছাত্ৰ), পি টেচ্চেমেৰ স্নাইপ আৰু হাৰমেন 'মেৰ আদিক ব্যতিব্যস্ত কৰি তোলে আৰু ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়া আবিষ্কৃত হয়

   ১৯০০চনৰ কেইবা দশকো পাৰ ' বিজ্ঞানীসকলৰ এই দিশত গবেষণা চলি থাকিল গম পোৱা ' ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়াৰ পৰা নিৰ্গত হোৱা টক্সিনে এচিটাইলক'লিনৰ ক্ৰিয়াক বাধা দিয়ে এচিটাইলক'লিন (Acetylcholine) ' স্নায়ুতন্ত্ৰৰ বাৰ্তাবাহক (Neurotransmitter) এচিটাইলক'লিনৰ সংকেতৰ অবিহনে মাংসপেশীয়ে সংকোচন কৰিব নোৱাৰে

          ১৯৮৯চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ১৯৯০চনত কানাডাই কিছুমান ৰোগৰ ক্ষেত্ৰত বটুলিনাম টক্সিনৰ ব্যৱহাৰৰ ববে চৰকাৰী অনুমতি প্ৰদান কৰে   ইয়াৰ পিছৰ পৰা বিশ্বৰ নানান দেশত বটুলিনাম টক্সিনৰ বহুল ব্যৱহাৰ আৰম্ভ হবলৈ ধৰে আৰু আজি বছৰি ইয়াকলৈ বহুকোটি টকাৰ ব্যৱসায় চলিব ধৰিছে  

  বটক্স কি? আমেৰিকা যুক্তৰাষ্ট্ৰই  নিৰ্মাণ কৰা বটুলিনাম টক্সিন- বজাৰত উপলব্ধ হয় বটক্স (Botox) নামেৰে আৰু বটুলিনাম টক্সিনবি  বজাৰত উপলব্ধ হয় মায়'ব্লক (Myobloc) নামেৰে বেজীৰ ৰূপত উপলব্ধ বটক্স ১০০ইউনিটৰ এটা ভায়েলৰ দাম ৪০০ ডলাৰ এজন ৰোগীক কিমান ইউনিটৰ প্ৰয়োজন ’ব সেয়া তেওঁৰ অসুখৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে চীনত নিৰ্মিত বটক্স  কম দামৰ আৰু নিম্নমান দণ্ডৰ

বটক্স কিছুমান মেডিকেল প্ৰয়োগ নিম্নলিখিত :-

(১) প্লাষ্টিক চাৰ্জনৰ দ্বাৰা মুখমণ্ডলৰ বয়সৰ ছাপ আতৰাবলৈ মহিলাৰ অনুন্নত স্তনক সুগঢ়ী ৰূপ দিবলৈ

(২) হাত-ভৰি-কাষলতিৰ তলৰ অতিপাত ঘমা অৱস্থাৰ চিকিৎসাত ব্যৱহৃত

(৩) অতি সক্ৰিয় মূত্ৰাশয়ৰ প্ৰসাব নিয়ন্ত্ৰণ কৰিবলৈ  

(৪) ক্ৰনিক মাইগ্ৰেইনৰ চিকিৎসাত প্ৰয়োগ হয়

(৫) বিৰক্তিদায়ক মাংসপেশীৰ সঘন সংকোচনৰ চিকিৎসাত ফলপ্ৰসু

(৬) চেৰিব্ৰেল পালচি আৰু আন স্নায়ুজনিত ৰোগৰ চিকিৎসাত ব্যৱহৃত

(৭) ডিপ্ৰেচন

(৮) শীঘ্ৰপতন (Premature ejaculation)

(৯) মটৰ নিউৰন ডিজিজ

(১০) অতি পুৰণি বিষৰ চিকিৎসা

বটক্সৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াসমূহ কি কি ?

 সাধাৰণ পাৰ্শ্বক্ৰিয়াৰ পৰা জীৱনৰ সংকটলৈকে যি কোনো পাৰ্শ্বক্ৰিয়াই হব পাৰে সাধাৰণ পাৰ্শ্বক্ৰিয়া কিছুমান ' - ডিঙি আৰু গলধনৰ বিষ, চকুৰ পতা ফুলি উঠা, দৃষ্টিশক্তি হ্ৰাস, দুটাকৈ দৃশ্যায়ন হোৱা (Diplopia), গিলিবলৈ কষ্ট পোৱা, মূৰৰ বিষ, ভাগৰ, যি কোনো অংগৰ বিষ, জ্বৰ, বেজী লোৱা ঠাইত বিষ, বেজী লোৱা অংশৰ পৰা ৰক্তক্ষৰণ আদি

কোনে কোনে বটক্স  ব্যৱহাৰ কৰা অনুচিত ?

    গৰ্ভৱতী মহিলা আৰু সন্তানক স্তনপান কৰোৱা মাতৃয়ে বটক্স  ব্যৱহাৰ কৰিব নালাগে এলাৰ্জি থকা লোকৰ বাবেও বটক্স  বিপদজনক হব পাৰে

    বয়সৰ ছাপ আতৰাবলৈ বটক্স  ব্যৱহাৰ কৰিব খোজাসকলে জানিবলগীয়া লাগতিয়াল কথা : - বয়সৰ আঁচোৰ আতৰাবলৈ আঢ়ৈ কুৰি বছৰৰ তলৰ বয়সৰ লোকে বটক্স  প্ৰয়োগ নকৰা বাঞ্চনীয় এবাৰ লোৱা বেজীৰ প্ৰভাৱ দহবাৰ দিন মানৰ পৰা আৰম্ভহৈ ৪ৰ পৰা ৬মাহ পৰ্য্যন্ত থাকে   মুখমণ্ডলৰ সুন্দৰতা বাহাল ৰাখিবলৈ ৬মাহৰ মূৰত পুনৰ বেজী লব লাগিব সেয়ে এনে ব্যয়বহুল চিকিৎসা আৰ্থিকভাবে স্বচ্ছল চিনে জগতৰ অভিনেতা বা তেনে আঢ্যৱন্ত লোকৰ বাবেহে সম্ভৱ আজিৰ দিনত বলিউডৰ আৰু হলিউডৰ ভালেকেইজন তাৰকাই নিয়মিতভাবে বটক্স ব্যৱহাৰ কৰাৰ কথাটো 'পেন চিক্ৰেট

    কোনে কোনে বটক্স  কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰে ?

আজিৰ দিনত কেবল চিকিৎসক বা বিজ্ঞানী সকলৰ মাজতেই নহয় বিউটি পাৰ্লাৰ সমূহতো বটক্সৰ প্ৰয়োগ চলিব ধৰিছে সকলো ক্ষেত্ৰতে ইয়াৰ সঠিক প্ৰয়োগ হৈছে বুলিব নোৱাৰি

     বটস্কৰ বজাৰ মূল্য :- প্ৰতি ইউনিট বটক্সৰ মূল্য ১ডলাৰ অৰ্থাৎ ৬৫টকা আৰু এজন ৰোগীক ৰোগ বা অৱস্থা অনুসৰি এবাৰত ৪০ৰ পৰা ৬০ইউনিট বটক্স প্ৰয়োগ কৰিলগীয়া হয় চিকিৎসকৰ মাচুল আৰু চিকিৎসালয়ৰ খৰছ অতিৰিক্ত ইয়াৰ লগত যোগদি হিচাবটো নিজেই কৰি লওঁক

      মোখনিত কবলগীয়া :- বটক্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত মেলপ্ৰেকটিচ বা অপপ্ৰয়োগ ৰোধ কৰিবলৈ চৰকাৰৰ স্বাস্থ্যবিভাগ সচেতন হোৱাৰ দিন আহি পৰিছে অন্যথাই বিজ্ঞানীৰ নিৰলস সৎ প্ৰচেষ্টাৰ ফলত উদ্ভাৱন হোৱা এনে ঔষধিৰ সুফল লাভ কৰাৰ পৰা সৰ্বসাধাৰণলোক উপকৃত হোৱাৰ পৰা বঞ্চিত হৈয়ে ৰব

 

                                            ডোহা, কাটাৰৰ পৰা

                                           যোগাযোগ – ০৯৭৪৩৩৭৩৮৭২২

drbksaikia@gmail.com

Your Comments