শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আটক

A

নিউজ ডেস্ক:


 নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে শনিবাৰে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত ৰেইভ পাৰ্টিৰ কৰাৰ অভিযোগত আঠজন লোকক আটক কৰে। আটকাধীন লোকসকলৰ ভিতৰত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানো আছে। উল্লেখ্য যে এনচিবিয়ে দুগৰাকী মহিলাকো আটক কৰিছে। এনচিবিৰ মুৰব্বী এছ এন প্ৰধানে কয় যে আটকাধীন ব্যক্তিসকলৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত পুনৰ  অভিযান চলোৱা হ’ব।

গুৰুত্বপূৰ্ণ কথা এই যে এন চি বি মুম্বাইৰ সঞ্চালক সমীৰ ৱানখেড়েৰ নেতৃত্বত এনচিবিৰ এটা দলে শনিবাৰে সন্ধিয়া চোৰাংচোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত গোৱা অভিমুখী এখন জাহাজত অভিযান চলায়। য’ৰ পৰা বহু পৰিমাণৰ ড্ৰাগছো উদ্ধাৰ কৰা হৈছে।

Your Comments

Related Articles