আজি ২৪বছৰত ভৰি দিলে অলিম্পিক জয়ী অসম কন্যা লাভলীনাই(বিকু)

A

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকত পদক জয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰ আজি জন্মদিন।২৪ বছৰীয়া হ'ল গোলাঘাট জীয়ৰী তথা অলিম্পিক পদক জয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা।১৯৯৭চনৰ ২অক্টোবৰৰ দিনা গোলাঘাট বৰপথাৰৰ টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ কনিষ্ঠ কন্যা হিচাপে জন্ম হৈছিল লাভলীনাৰ।

উল্লেখ্য যে ২০১২চনত আনুষ্ঠানিক ভাৱে বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি চলিত বৰ্ষ টকিঅ' অলিম্পিকত দেশৰ লগতে অসমৰ নাম উজলাই তুলিছিল লাভলীনাই।

Your Comments