বিধায়ক শ্বেৰমান আলীক প্ৰয়োজনত পিটন দিয়া হ'ব- শৃংখল চলিহা

A

নিউজ ডেস্ক:


শ্বহীদক অপমান কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক বীৰ লাচিত সেনাৰ সকিয়নী।শ্বহীদক অপমান কোনো কাৰণত সহ্য কৰা নহ'ব।প্ৰয়োজনত বিধায়ক আলীক পিটন দিয়া হ'ব।বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ হুংকাৰ।

বিতৰ্কিত মন্তব্য কৰা বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায় চলিহাই কয়-'অসম চৰকাৰে যদি গ্ৰেপ্তাৰ নকৰে তেন্তে বীৰ লাচিত সেনাৰ সৈনিকে বিহীত ব্যৱস্থা ল'ব।শাৰীৰিক ভাৱে অপদষ্ট হলে কিন্তু বীৰ লাচিত সেনা দায়ী নহব।তাৰ বাবে দায়ী হ'ব অসম চৰকাৰ'।

উল্লেখ্য যে শ্বহীদক ঘাটক আখ্যা দিয়া আলীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণৰ দাবী জনায় চলিহাই।

Your Comments