উপ-নিৰ্বাচনত এটাকৈ সমষ্টি এজেপি-ৰাইজৰ দলক এৰিব প্ৰদেশ কংগ্ৰেছে, তাৰ বাবে বান্ধি দিলে চৰ্ত

A

নিউজ ডেস্ক:


ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক উপ-নিৰ্বাচনত পৰাজিত কৰাৰ স্বাৰ্থত এজেপি-ৰাইজৰ দলক ঐক্যবদ্ধ প্ৰাৰ্থী দিয়াৰ প্ৰস্তাৱ প্ৰদেশ কংগ্ৰেছৰ।এজেপি-ৰাইজৰ দলক ১টাকৈ উপ-নিৰ্বাচনৰ সমষ্টি এৰি দিবলৈ সাজু কংগ্ৰেছ।শুকুৰবাৰে কংগ্ৰেছ দলৰ চূড়ান্ত সিদ্ধাতৰ কথা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে সভাপতি ভূপেন বৰাই।উল্লেখ্য যে উপ -নিৰ্বাচনত হ'ব লগা ৬টাকৈ সমষ্টিৰ বাকী ৪টা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সহায় কৰাৰ চৰ্ত বান্ধিলে নৱগঠিত আঞ্চলিক দলদুটালৈ।

উপ-নির্বাচনৰ সন্দৰ্ভত এআইচিচিৰ  সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ সৈতে ভিডিঅ কনফাৰেন্সৰ যোগে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বৈঠকৰ অন্তত গ্ৰহণ কৰে চুড়ান্ত সিদ্ধান্ত।

আনহাতে ৰাইজৰ দলক কংগ্ৰেছে এৰি দিব লগা সমষ্টি ৰ সবিশেষ উপ- সভাপতি কমল কুমাৰ মেধিক জনাই দিয়া হৈছে।ঠিক একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈৰ লগতো সমষ্টিৰ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি জানিব দিয়ে বৰাই।

প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ সভাত আঞ্চলিক দল দুটাক এৰিব লগা সমষ্টি সৰ্বসন্মতি ক্ৰমে গৃহীত কৰা বুলি সভাপতি বৰাই অৱগত কৰে।

উল্লেখ্য যে অসম জাতীয় পৰিষদে দুটা সমষ্টি মাজুলী আৰু তামুলপুৰ বিচাৰিছিল কংগ্ৰেছৰ পৰা।

Your Comments