ছবিগৃহ মুকলিৰ অনুমতিৰে ক'ভিডৰ নতুন এছ'অপি ,পঢ়ি লওঁক

A

নিউজ ডেস্ক:


ৰাজ্যত ক'ৰনাৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে।পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতকৈ অধিক শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত নিশা ১০বজাৰ পৰা পুৱা ৫বজালৈ ঘোষণা কৰাৰ লগতে নিশা ৯বজালৈ দোকান -পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলাৰ অনুমতি ।

দীর্ঘদিনে বন্ধ হৈ থকা ছবিগৃহ ৫০ শতাংশ দৰ্শকৰ উপস্থিতিত মুকলি কৰাৰ অনুমতি।দুয়োপালি ভেকচিন গ্ৰহণ কৰা দৰ্শকে উপভোগ কৰিব পাৰিব ছবি।


ইফালে মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ভেকচিন লোৱা সৰ্বাধিক ৫০গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব।অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে  বিয়া অভ্যৰ্থনাত সৰ্বাধিক ২০০গৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

ঐতিহাসিক ধৰ্মীয়স্থান যেনে কামাখ্যা দেৱালয়, শিৱদৌল, আজানপীৰ দৰগাহ,পোৱামক্কা আদিত ঘণ্টাত সৰ্বাধিক ৬০গৰাকী ভক্তই দৰ্শন কৰিব পাৰিব।অৱশ্যে দুয়োপালি ভেকচিন লোৱাটো অতি জৰুৰী।একেদৰে অন্য ধৰ্মীয়স্থানত ঘণ্টাত ৪০গৰাকী ভক্তই একেলগে দৰ্শন কৰিব পাৰিব।

ভেকচিন দুয়োপালি গ্ৰহণ কৰা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী শিক্ষা প্ৰতিষ্ঠানলৈ আহিব পাৰিব।শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীৰ ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ শিক্ষানুষ্ঠানৰ সন্মুখত লগাই ৰাখিব লাগিব।

আনহাতে, স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসন দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শন কৰিব পাৰিব নাট। শিল্পী, কলা-কুশলী, দৰ্শকে ভেকচিন  দুয়োপালি লোৱাটো বাধ্যতামূলক।
ভ্ৰাম্যমাণ সন্দৰ্ভত শীঘ্ৰে প্ৰকাশ পাব নতুন নিৰ্দেশনা-স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়।

হিতাধিকাৰী সকলেও ভেকচিন লোৱাটো বাধ্যতামূলক অন্যথা কৰ্তন হ'ব আঁচনিৰ পৰা নাম।

Your Comments