মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ

A

নিউজ ডেস্ক:

মৰিয়নি সমষ্টিত উপ-নিৰ্বাচনৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব সঞ্জীৱ গগৈ।শুকুৰবাৰে সংবাদমেলত ঘোষণা কৰে দলটোৰ সভাপতি অখিল গগৈয়ে।উপ-নির্বাচনত বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবৰ বাবে কংগ্ৰেছলৈ অপেক্ষা কৰি থকা বুলি উল্লেখ কৰি সভাপতিয়ে কয়- কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাটকতা কৰিছে।বিগ ব্ৰাডাৰ হৈ থাকিব বিচাৰি অন্য কাৰো কথা শুনিব নিবিচাৰে।

শিৱসাগৰৰ বিধায়ক গগৈয়ে ঘোষণা কৰা অনুসৰি দুটাকৈ সমষ্টিত প্ৰাৰ্থী  প্ৰক্ষেপ কৰিব ৰাইজৰ দলে।

ইতিমধ্যে থাওৰা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ।

আনহাতে উপ-নির্বাচনত কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত মৰ্মে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এটাকৈ সমষ্টি এৰি দিব উপ-নিৰ্বাচনৰ বাবে।এই কথা ঘোষণা  কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Your Comments