আগন্তুক দুৰ্গা পূজা উপলক্ষে নতুন SOP ঘোষণা,পঢ়ি চাওক

A

 

নিউজ ডেস্ক :
 
আগন্তুক দুৰ্গা পূজা উপলক্ষে নতুন SOP ঘোষণা কৰা হৈছে । উল্লেখ্য যে আজিৰে পৰা নিশা ৯ বজালৈ খোলা থাকিব দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ  থাকিব সান্ধ্য আইন। ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব চিনেমা হল ।
গুৰুত্বপূৰ্ণ কথা এই যে  দুয়ো পালি ভেকচিন লোৱা লোকহে যাব পাৰিব হললৈ।
তদুপৰি দুয়োপালি  ক'ভিড ভেকচিন  লোৱা  ৫০ জন লোকেহে ভাগ ল'ব পাৰিব সভা সমিতিত ।
 আজি সংবাদমেল যোগে এই  কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

Your Comments