শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাটীগাঁও থানাত এজাহাৰ দাখিল

A

নিউজ ডেস্ক :

অসম আন্দোলনৰ শ্বহীদক লৈ অপমান মন্তব্য কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ একত্ৰিত যুৱ পৰিষদৰ।হাটীগাঁও থানাত বাঘবৰৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

এজাহাৰ দাখিল কৰে সংগঠনটোৰ সভাপতি বিদ্যুৎ কলিতাই।উল্লেখ্য যে কংগ্ৰেছী বিধায়ক গৰাকীক দলৰ পৰা বহিষ্কাৰ কৰাৰো দাবী জনায় সংগঠনটোৱে।অন্যথা গুৱাহাটীৰ ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ সংগঠনটোৰ ।

উল্লেখ্য যে বৃহস্পতিবাৰে বিধায়ক আলীয়ে শ্বহীদক ঘাটক বুলি অভিহিত কৰিছিল।ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বই তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে আলীলৈ।

Your Comments