অসম আন্দোলনৰ শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলিলৈ ৩দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী কংগ্ৰেছৰ

A

নিউজ ডেস্ক:


ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদকলৈ বিতৰ্কিত মন্তব্য কৰি প্ৰদেশ কংগ্রেছৰ ৰোষত বিধায়ক শ্বেৰমান আলি।প্ৰদেশ কংগ্ৰেছৰ শীর্ষ নেতৃত্বই বিধায়ক গৰাকীলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱা জাননী।তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ।

'শ্বেৰমানৰ মন্তৱ্য গ্ৰহণযোগ্য নহয়।এইধৰণৰ মন্তৱ্যই ভাতৃত্ববোধ বিনষ্ট কৰিছে।দলীয় নীতি আদৰ্শ পৰিপন্থী এনেধৰণৰ মন্তব্য কিয় কৰা হ'ল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ'।

বিধায়ক গৰাকী বিজেপি এজেণ্ট নেকি, বিজেপিৰ হৈ কাম কৰি আছে নেকি বুলিও প্ৰশ্ন উত্থাপন প্ৰদেশ কংগ্রেছৰ।অপমান সূচক মন্তব্যই বিজেপিক সহায় কৰিছে- জাননীত উল্লেখ আছে।

উল্লেখ্য যে বাঘবৰৰ বিধায়ক আলিয়ে বৃহস্পতিবাৰে অসম আন্দোলনৰ শ্বহীদক লৈ অপমান সূচক মন্তব্য  কৰিছিল।শ্বহীদক ঘাটক বুলিও সম্বোধন কৰিছিল বিধায়ক জনে।তাৰ পাছতে সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।বিতৰ্কিত মন্তব্য কৰা আলিক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল বিভিন্ন সংগঠনে।

Your Comments