চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত ৭১সংখ্যক অসম আৰক্ষী দিৱস উদযাপন

A

নিউজ ডেস্ক :


গুৱাহাটীৰ কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ন খেল চৌহদত শুকুৰবাৰে উদযাপিত হয় '৭১সংখ্যক অসম আৰক্ষী' দিৱস।১২টা আৰক্ষীৰ বেটেলিয়নে অংশ লয় অনুষ্ঠানত।মুখ্য অতিথিৰূপে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।

অসম আৰক্ষীৰ  বিশেষ দিনটোত শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দিৱসৰ সৈতে সংগতি ৰাখি চতুৰ্থ অসম আৰক্ষীত পেৰেড অনুষ্ঠিত হয়।অসম আৰক্ষী জনতা সেৱাত উচৰ্গা হবলৈ আহ্বান ৰাজ্যপাল মুখীৰ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন- শৃংখলা শাখা অতিৰিক্ত বিশেষ সঞ্চালক প্ৰধান জি পি সিং, এল আৰ বিষ্ণই,অসম আৰক্ষীৰ বেটেলিয়নৰ কামাণ্ডেণ্ট ইন্দ্ৰানী বৰুৱা প্ৰমুখ্যে শীর্ষ আৰক্ষীৰ বিষয়াসকল উপস্থিত থাকে।C

Your Comments