ধেমাজিত হিমন্ত কেবিনেটৰ সিদ্ধান্ত সমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক:


ধেমাজিৰ আৱৰ্ত ভৱনত বৃহস্পতি বাৰে অনুষ্ঠিত হয় হিমন্ত চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।বৈঠক খনত গ্ৰহণ কৰাৰ হৈছে বহুকেইটা সিদ্ধান্ত।দিছপুৰৰ বাহিৰত অনুষ্ঠিত হিমন্ত চৰকাৰৰ প্ৰথম কেবিনেটত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ সৰ্বমুঠ ৭০০কোটি টকাৰ অনুমোদন।উল্লেখ্য যে  ৫৭০কোটি টকা কৰ্মচাৰীৰ  বাবে নিৰ্ধাৰিত প্ৰাপ্য।

মাইক্ৰফাইনেন্সৰ ঋণৰ কিস্তি নিয়মিত ভাৱে পৰিশোধ কৰি থকা মহিলাক ২৫হাজাৰ টকা সাহায্য প্ৰদানৰ বাবে ১৮০০ কোটি টকা অনুমোদন কেবিনেটৰ।পহিলা ডিচেম্বৰৰ পৰা প্ৰদান কৰিব চেক।

ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয় আৰু অন্যান্য বিভাগৰ কাৰ্যালয়ক সামৰি সংঘবদ্ধ উপায়ুক্ত কাৰ্যালয় স্থাপনৰ বাবে ৫০কোটি অনুমোদন।

ধেমাজি জিলাত উচ্চ মানৰ ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম নিৰ্মাণৰ বাবে  ৫০কোটি অনুমোদন কেবিনেটৰ।

ধেমাজি-মাজুলী সংযোগী মথাউৰিৰ ওপৰেদি জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনাৰে মাজুলীলৈ ৪টা সমষ্টি সামৰি ৫মিটাৰ ব্যাসৰ পকী পথৰ বাবে ১৮৩কোটি টকা অনুমোদন। ধেমাজিত ১৫কোটি, জোনাইত ৩৪কোটি, মাজুলীত ২১কোটি আৰু ঢকুৱাখনাত ১০৮কোটি টকা ব্যয় হ’ব।

একেদৰে ধেমাজি জিলা বান নিয়ন্ত্ৰণৰ বাবে ১৫০কোটি টকা অনুমোদন।লগতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে  ১০০বিঘা মাটি অধিগ্ৰহন কৰাৰ সন্মতি।

ধেমাজি জিলাৰ অন্তৰ্গত মুৰ্ৰকংচেলেক-জোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত ভূমিসমূহত ২০১ চনৰ পূৰ্বৰ পৰা বসবাস কৰি থকা আহোম, কোঁচ, চুতীয়া আৰু গোর্খা সম্প্ৰদায়ৰ লোকসকলেও কিনা-বেচা কৰিব পাৰিব।লগতে ঢকুৱাখনা চাৰিকলিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এতিয়াৰে পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে নাথাকিব।৮৯খন ৰাজহ গাঁৱক সামৰি চিচি টঙনী ট্ৰাইবেল বেল্ট নামেৰে নতুন ব্লক গঠন কৰিব।

আনহাতে, ডিব্ৰুগড় আৰু শিলচৰ পৌৰসভা এতিয়াৰ পৰা পৌৰ নিগমলৈ উন্নীতকৰণত অনুমতি।B

Your Comments