মৰাণ মহাবিদ্যালয়ৰ শিশু নিৰ্যাতনত অভিযুক্ত অধ্যক্ষা ডঃ মিতালি কোঁৱৰক ধুবুৰীলৈ বদলি

#MoranCollage

নিউজ ডেস্ক:

শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ডঃ মিতালি কোঁৱৰক অৱশেষত বদলি কৰা হ’ল ।ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰমথেছ বৰুৱা মহাবিদ্যালয়লৈ অধ্যক্ষাৰূপে বদলি উচ্চ শিক্ষা সঞ্চালকালয়ে।২৪ছেপ্টেম্বৰৰ পৰা বদলি কাৰ্যকৰি হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছে সঞ্চালকালয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে  ১বছৰৰ পূৰ্বে ঘৰত বন কৰা শিশু শ্ৰমিকক গৰম পানী ঢালি অত্যাচাৰ কৰাৰ অভিযোগত অধ্যক্ষা গৰাকী স্বামীসহ গ্ৰেপ্তাৰ হৈছিল।পৰৱৰ্তী পৰ্যায়ত উচ্চ শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা নিলম্বন কৰিছিল অধ্যক্ষা গৰাকীক।

আনহাতে, চলিত বৰ্ষত ক'ৰনাৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা সময়তে পুনৰ মৰাণ মহাবিদ্যালয় অধ্যক্ষাৰূপে যোগদান কৰিছিল।বিতৰ্কিত অধ্যক্ষা গৰাকী যোগদান কৰাৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু জাতীয় সংগঠনে মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সাব্যস্ত কৰিছিল প্ৰতিবাদ।আনহে নালাগে অধ্যক্ষা গৰাকীক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই খেদিছিল ছাত্ৰ- ছাত্ৰীয়ে।তাৰ পৰৱৰ্তী  সময়ত মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত মাহজোৰা অনশনত বহিছিল ছাত্ৰ সমাজ।ছাত্ৰ-ছাত্ৰীৰ স্পষ্ট স্থিতি কোনো কাৰণত মৰাণ মহাবিদ্যালয়ত অধ্যক্ষা হিচাপে যোগদান কৰিব নোৱাৰিব শিশু নিৰ্যাতনকাৰী ডঃ মিতালি কোঁৱৰ।ছাত্ৰী-ছাত্ৰীৰ প্ৰতিবাদত অৱশেষত উচ্চ শিক্ষা সঞ্চালকালয়ে বদলি কৰিছে অধ্যক্ষা কোঁৱৰক।

তাৎপৰ্যপূৰ্ণ কথা  এই যে বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ পুঁজি আত্মসাৎ কৰাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল ছাত্ৰ-ছাত্ৰী তথা মৰাণৰ বিভিন্ন দল সংগঠনে।B

Your Comments