শুকুৰবাৰৰ পৰা গুৱাহাটীত নাপাব অ'লা-উবেৰ সেৱা, যাত্ৰীৰ বিকল্প কি হ'ব পঢ়ি লওক

A

নিউজ ডেস্ক:

বহিৰাগত অ'লা-উবেৰ প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে   সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘ।পহিলা অক্টোবৰৰ পৰা যৌথ ভাৱে সংগঠন দুটাই সম্পূৰ্ন বৰ্জন কৰিব অ'লা-উবেৰ সেৱা।যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প ব্যৱস্থাত স্থানীয় প্ৰতিষ্ঠান পে-ইণ্ডিয়াত গুৱাহাটীত চলাচল কৰিব কেব সেৱা।দিছপুৰ প্ৰেছ ক্লাৱত যৌথ ভাৱে সংবাদমেলত এই কথা ঘোষণা কৰে সংগঠন দুটাই।

ৰাজ্যৰ অ'লা-উবেৰ চালকসকলক আহ্বান জনাই সংগঠন দুটাই কয়- ' অ'লা-উবেৰ বৰ্জনত সহযোগ কৰি পে-ইণ্ডিয়া গ্ৰহণ কৰক।শুকুৰবাৰে চালকে অ'লা-উবেৰৰ এ'পত ভাড়া নলব।তাৰ বিপৰীতে পে-ইণ্ডিয়াত অন্তৰ্ভুক্ত হওঁক'।

আনহাতে গ্ৰাহকসকলক আহ্বান জনায় সংগঠন দুটাই যৌথভাৱে কয়-গুৱাহাটী মহানগৰীত অ'লা- উবেৰ সেৱাৰ উপলব্ধ নহ'ব।তাৰ পৰিৱৰ্তে পে-ইণ্ডিয়া সেৱা উপলব্ধ হ'ব।

উল্লেখ্যে যে অ'লা-উবেৰৰ সৈতে গুৱাহাটী মহানগৰীত প্ৰায় ৮-৯ হাজাৰ গাড়ী চলাচল কৰিছিল।শেহতীয়া ভাৱে প্ৰায় ৭৮০০ গাড়ী অন্তৰ্ভূক্ত হৈছে পে-ইণ্ডিয়াৰ সৈতে।

ইফালে পে-ইণ্ডিয়াৰ প্ৰতিষ্ঠানৰ সৈতে সংগঠন দুটাই ১৪দফীয়া চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে অ'লা-উবেৰতকৈ ১৫-২০টকা কম হ'ব পে-ইণ্ডিয়াত ভাড়া।

আনহাতে সংগঠন দুটাই স্পষ্ট কৰি  কয়- অ'লা-উবেৰ সেৱা বন্ধ নহয় আমি বিসৰ্জন দিবলৈহে ঐক্যবদ্ধ হৈছোঁ।তৃতীয় শক্তিয়ে যাতে বাহন বন্ধ কৰা বুলি প্ৰচাৰ নচলায়।

সংবাদমেলত উপস্থিত থাকে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰ আৰু সদৌ অসম কেব মজদূৰ সংঘ সভাপতি ৰূপাংকৰ তালুদাৰ।

Your Comments

Related Articles