মৰিয়নি-থাওৰাত অৱতীৰ্ণ হ'ব ৰাইজৰ দল: উপ-নিৰ্বাচনৰ বাবে অসমবাসীৰ পৰা দান-বৰঙণি ভিক্ষা অখিল গগৈৰ

A

নিউজ ডেস্ক:

'উপ-নিৰ্বাচনত দুটা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব ৰাইজৰ দলে।থাওৰা আৰু মৰিয়নী সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী।থাওৰা সমষ্টিৰ ধৈৰ্য কোঁৱৰৰ বিপৰীতে মৰিয়নিৰ প্ৰাৰ্থীৰ নাম বৃহস্পতিবাৰে ঘোষণা কৰিব'- বুধবাৰে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে ৰাইজৰ দলে।উল্লেখ্য যে  পাঁচ সমষ্টিৰ বাকী তিনিটা সমষ্টিত দলটোৱে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী।মঠঘৰীয়া কাৰ্যালয়ত ঘোষণা সভাপতি অখিল গগৈৰ।

'বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰাৰ্থী ঘোষণালৈ অপেক্ষা কৰা হৈছিল, বিশেষকৈ কংগ্ৰেছৰ বাবে কিন্তু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই উপ-নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে বুজাবুজি নহয় বুলি বাৰম্বাৰ প্ৰকাশ কৰাৰ লগতে উপ-নিৰ্বাচনৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিছে।যাৰ ফলত ৰাইজৰ দলে দুটা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব'- গগৈয়ে কয়।

উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব নোৱাৰিলে অসমত ব্যাপকভাবে  গঢ়ি উঠা সাম্প্ৰদায়িক মেৰু বিভাজন, জন বিৰোধী সিদ্ধান্ত, এনকাউণ্টাৰৰ দৰে ঘটনা প্ৰতিহত কৰাটো সম্ভৱ নহ’ব বুলি উল্লেখ কৰি শিৱসাগৰৰ বিধায়ক গগৈয়ে কয়- অসমৰ জন-গণ বিজেপি পক্ষত নাই।থাওৰাত বিশ্বাসঘাটক সুশান্ত বৰগোঁহাইক পৰাস্ত কৰাৰ বাবে  সংকল্পবদ্ধ হৈছে।একেদৰে মাজুলীটো জয়ী হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী।

আনহাতে কংগ্ৰেছ দলক প্ৰক্ষেপীত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় নকৰাবলৈ আহ্বান জনাইছে বিধায়ক গৰাকীয়ে।যদি দুটা সমষ্টি এটা কংগ্ৰেছে এই কথা মানি চলে তেন্তে বাকী সমষ্টিসমূহত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ৰাইজৰ দলে প্ৰচাৰ চলাব।অন্যথা বাকী সমষ্টিসমূহত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলাব ৰাইজৰ দলে।

বিজেপি বিৰোধী ঐক্যবদ্ধ প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে কংগ্ৰেছৰ নেতৃত্বৰে ৰাইজৰ দল বহুবাৰ মিলিত হৈছিল যদিও বৰ্তমানলৈ কংগ্রেছৰ ফালৰ পৰা সঁহাৰি পোৱা নগল।এতিয়াও সময় আছে বিজেপিৰ বিৰুদ্ধে ঐক্য বদ্ধ হোৱা- অখিলে কয়।

আনহাতে, বিজেপিৰ সহায় হোৱাকৈ যাতে কোনেও নিৰ্বাচনত প্ৰাৰ্থী থিয় নকৰাই তাৰো আহ্বান জনায়।

ইফালে আগন্তক উপ-নির্বাচনত দুই সমষ্টিত নিৰ্বাচন খেলিবলৈ অসমবাসীৰ পৰা দান-বৰঙণি বিচাৰিছে ৰাইজৰ দলে।

Your Comments