স্বয়ম্ভূ-নেতিবাচক শক্তিৰ দল ত্যাগক আদৰণি ৰাইজৰ দলৰ

A

নিউজ ডেস্ক:

'দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ দলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা ব্যক্তিৰ দলত্যাগত ৰাইজৰ দল সুখী ।দলত্যাগী আটাইকেইজন দীর্ঘদিন ধৰি দলীয় কাম-কাজত নিষ্ক্রিয় হৈ আছিল'- এই কথা প্ৰকাশ ৰাইজৰ দল নেতৃত্বৰ।দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি নেতৃত্বই কয়-নেতিবাচক শক্তিয়ে দল ত্যাগ কৰিছে।ৰাইজৰ দলে তেওঁলোকক দলীয় কাম-কাজৰ পৰা অব্যাহতি দিয়াৰ চিন্তা চৰ্চা কৰিছিল।কাৰ্যকৰী সভাপতি ভাস্ক’-ডি শইকীয়াই কয়।

উল্লেখ্য যে ৰাইজৰ দলত একনায়কত্ব বাদ চলাৰ গুৰুতৰ অভিযোগ তুলি সোমবাৰে ৭০সংগঠনে ৰাইজৰ দলৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

'নেতিবাচক শক্তিৰ স্বেচ্ছাৰে দল ত্যাগৰ ফলত ৰাইজৰ দলৰ পৰম উপকাৰ হ’ল।পদত্যাগী অধিকাংশকে দলে পূৰ্বতে অব্যাহতি দিয়া। পদত্যাগীৰ তালিকা দীঘলীয়া কৰাৰ উদেশ্যৰে নিলম্বন-অব্যাহতি দিয়া ব্যক্তিৰ নাম সমৰ্থন প্ৰত্যাহাৰত সংযোজন কৰা হৈছে'- শইকীয়াই কয়।

'সংবাদমেলত দুজনমান স্বয়ম্ভূ নেতাই ৭০ সংগঠনৰ নামত সমৰ্থন প্ৰত্যাহাৰৰ কথা কৈছে।এই ক্ষেত্ৰত ৭০সংগঠনৰ প্ৰকৃত নেতৃত্বই যথোচিত বক্তব্য আগবঢ়াব'- ৰাইজৰ দলৰ নেতৃত্বই এইদৰে কয়।

সংবাদমেলত উপস্থিত থাকে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধি।

Your Comments