ৰাইজৰ দলৰ পৰা সমৰ্থন প্ৰত্যাহাৰ ৭০টা সংগঠনৰ

A

নিউজ ডেস্ক:

ৰাইজৰ দলৰ পৰা সমৰ্থন প্ৰত্যাহাৰ ৭০ টা সংগঠনৰ।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ঘোষণা ৭০টা সংগঠনৰ নেতৃত্বৰ। একনায়কত্ববাদ চলিছে ৰাইজৰ দলত।সাংগঠনিক কথা-বতৰা ৭০টা  সংগঠনৰ লগত আলোচনা নকৰাৰ অভিযোগ ।
সমৰ্থন প্ৰত্যাহাৰ কৰা সংগঠন সমূহ- অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম সুৰক্ষা সেনা, গণ ঐক্য সংগ্রাম সমিতি, আসাম ইণ্ডিজিনিয়াছ পিপলচ প্ৰটেকছন সমিতি, অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অবড়ো কছাৰী জাতীয় পৰিষদ, পিপলচ কাউন্সিল ফৰ পিচ এণ্ড ডেভেলপমেণ্ট, একত্ৰিত যুৱ পৰিষদকে আদি কৰি ৭০টা  সংগঠনে সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে।

'ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে।জাতীয় স্বাৰ্থ গুৰুত্বহীন হৈছে।দলীয় অন্ত:কন্দলে ভৰিছে ৰাইজৰ দলত'- ৭০ টা সংগঠনৰ এই অভিযোগ।

ব্যক্তিস্বাৰ্থত জৰ্জৰিত ৰাইজৰ দল।নেতৃত্বই মুনাফা আদায়ত ব্যস্ত।৭০টা সংগঠনৰ উমৈহতীয়া মঞ্চক গুৰুত্ব নিদিয়ে সভাপতি অখিল গগৈয়ে।আমাৰ সমস্যা বিধানসভাত উপস্থাপন কৰাতো বিফল হৈছে।

সংবাদমেলত উপস্থিত থাকে ৰুবুল দাস, অনুপজ্যোতি শইকীয়া, বিদ্যুৎ কলিতা প্ৰমুখ্যে ৭০ টা সংগঠনৰ নেতৃত্ববৃন্দ ।

Your Comments