বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকক হত্যা, সতীৰ্থক গ্ৰেপ্তাৰ

A

 

নিউজ ডেস্ক :
বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল এজন অসমীয়া যুৱক ৷
জানিব পৰা মতে গহপুৰৰ অচ্যুৎ ভূঞা নামৰ এজন যুৱকক বহিঃৰাজ্যত হত্যা কৰিলে  অসমৰে এজন সতীৰ্থই।
গহপুৰৰ প্ৰয়াত পূৰ্ণ ভূঞাৰ দ্বিতীয় পুত্ৰ অচ্যুৎ ভূঞাই মহাৰাষ্ট্ৰৰ পুণেত ব্যক্তিগত কোম্পানী এটাত কৰ্মৰত হৈ আছিল ৷ অসমৰে এজন সতীৰ্থ কমল শৰ্মাই যোৱা ২০ ছেপ্টেম্বৰত অচ্যুতক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ কথা পোহৰলৈ আহিছে।
হত্যাকাৰী কমল শৰ্মাৰ ঘৰ লখিমপুৰ জিলাৰ দুলুহাটত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পুণে আৰক্ষীয়ে হত্যাকাৰী কমল শৰ্মাক আটক কৰিছে ৷ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ লগতে নিহত অচ্যুৎ ভূঞাৰ পত্নী তথা পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈও প্ৰশাসনক আহ্বান জনাইছে গহপুৰবাসীয়ে।

Your Comments