দীঘা উপকূলক উত্তাল কৰিবলৈ আহি আছে ঘূৰ্ণিবতাহ "গুলাব",সোমবাৰৰ ভিতৰত দীঘা খালী কৰাৰ নির্দেশ প্ৰশাসনৰ

A

নিউজ ডেস্ক:

পশ্চিম বংগৰ দীঘা উপকূলৰ দিশে ক্ৰমে আগুৱাই আহিছে ঘূর্ণিবতাহ ‘গুলাব’। উত্তাল হৈ উঠিছে সমুদ্র। মঙ্গলবাৰে আৰু এটি নিম্নচাপ অহাৰ কথা প্ৰকাশ কৰিছে প্ৰশাসনে । ইতিমধ্যে উপকূলৰ  দীঘা, মন্দাৰমণি, শঙ্কৰপুৰ আদি এলেকাত প্ৰবল বৃষ্টিপাত আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷ 
গুৰুত্বপূৰ্ণ কথা এই যে সোমবাৰৰ ভিতৰত দীঘা খালি কৰাৰ নির্দেশ দিয়া হৈছে পর্যটকসকলক । নির্দেশ নামানিলে শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে প্রশাসনে ৷ৰবিবাৰৰ পৰা মঙ্গলবাৰ পর্যন্ত দীঘা-সহ পার্শ্ববর্তী এলেকাৰ হোটেলসমূহত নতুন কৈ বুকিং কৰা নিষেধ কৰিছে মেদিনীপুৰ জিলা প্রশাসনে । লগতে সকলো পর্যটকক তুৰন্তে হোটেল খালী কৰি গুচি যোৱাৰ নির্দেশ দিয়া হৈছে জিলা প্রশাসনৰ তৰফৰ পৰা ৷

Your Comments

Related Articles