সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ ললে প্রণব-কন্যা শর্মিষ্ঠাই

সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ ললে প্রণব-কন্যা শর্মিষ্ঠাই

নিউজ ডেস্ক: মুখোপাধ্যায় পৰিয়ালৰ শেষ প্ৰতিনিধি হিচাপে কংগ্রেছৰ ধ্বজা বহন কিৰছিলে প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে । শনিবাৰে টুইট কৰি সক্রিয় ৰাজনীতি পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰে শৰ্মিষ্ঠা মুখাৰ্জীয়ে ৷

টুইটত শর্মিষ্ঠাই এইদৰে লিখিছে যে৷, ‘সকলোকে ধন্যবাদ। ৰাজনীতিৰ পৰা বিদায় লৈছো । কংগ্রেছৰ এগৰাকী প্রাথমিক সদস্য হিচাপে থাকিম । সক্রিয় ৰাজনীতি আৰু নকৰো। কোনোবাই যদি মন কৰে তেন্তে দেশৰ সেৱা জাতিৰ সেৱা অন্য ভাবেৰেও কৰিব পাৰি।’ সর্বভাৰতীয় সংবাদমাধ্যম ‘দ্য প্রিন্ট’ত প্রণব-কন্যাই জনাই যে ৰাজনীতি তেওঁৰ বাবে নহয়। এই উপলব্ধি কৰাৰ পিছতেই অন্য কামত ব্যস্ত থাকিব বুলিও জানিবলৈ দিয়ে শর্মিষ্ঠাই।

Your Comments