চকু মেলিবনে কৃষি বিভাগে: খেতিয়ক ধনিৰাম চেতিয়াই নেমু বিক্ৰী কৰিব নোৱাৰি বুঢ়ীদিহিং নদীত পেলাই দিছে

A

নিউজ ডেস্ক:

ৰাজ্যৰ নেমুৱে বিদেশৰ বজাৰ দখল কৰা কথা চৰকাৰ তথা মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে সংবাদ মাধ্যমত প্ৰকাশ কৰি অহাৰ সময়তে উপযুক্ত বজাৰৰ অভাৱত বস্তাই বস্তাই নেমু নদীত পেলাব লগা হৈছে এইখন অসমত।তিনিচুকীয়া জিলাৰ পেঙেৰী ব্ৰহ্মজান টেকেলী গাঁৱৰ যুৱক ধনিৰাম চেতীয়াই নিজৰ বাৰীত উৎপাদিত নেমু বুঢ়ীদিহিং নদীত বস্তাই বস্তাই পেলাই দিয়া দৃশ্যই ৰাজ্য চৰকাৰ তথা অতুল বৰাৰ কৃষি বিভাগৰ অকৰ্ম্ণ্যতাকে প্ৰমাণ  কৰিছে।অসম- অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চলত  চেতিয়াই নিজ পৰিশ্ৰমে গঢ়িতোলা  বাৰীখনত উৎপাদিত নেমু বিক্ৰীৰ বাবে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ আহৰি নাই কৃষি বিভাগৰ।

উল্লেখ্য  যে মাঘেৰিটাৰ কৃষি বিভাগৰ মহকুমা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতে চেতিয়াৰ বাৰীৰ  ফটো কাৰ্যালয়ত লগাই কৃতিত্ব লবলৈও লজ্জিত নোপোৱা অসম উদ্যান শস্য বিভাগৰ বৰ্তমানৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই খেতিয়ক গৰাকীৰে সতে কথা পাতিবলৈ সময় নাই।সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰি লিখিছে   এই কথা যুৱ খেতিয়ক গৰাকীৰ বন্ধু অভিজিৎ গগৈয়ে। 

খেতিয়ক চেতিয়াই তিনিচুকীয়া এক্সপ'ৰ্ট কমিটিৰ সৈতে বহুবাৰ কথা পাতিছে।কিন্তু ফেব্ৰুৱাৰী-মাৰ্চ মাহতহে এক্সপৰ্ট কমিটিয়ে নেমু ৰপ্তানি কৰিব পাৰিব বুলি কয়।উল্লেখ্য যে ফেব্ৰুৱাৰী-মাৰ্চত নেমু নাথাকে ৰাজ্যত।

'কোনেও হতাশ হ'ব নালাগে সমন্বিত কৃষি পদ্ধতিৰ জৰিয়তে কৃষি ক্ষেত্ৰখনত সফলতা লাভ কৰাৰ বহুতো থল আছে।এই ক্ষেত্ৰত দহজনক আগুৱাই নিবলৈ সদায় চেষ্টা কৰিম'- নেমু নদীত পেলাই এইদৰে কয় চেতিয়াই।

'গছৰ তলত পকী গেলি যোৱাত কৈ নেমুসমূহ কোনো মাছমৰীয়া ধৰি খাব।দুই-তিনিটকাত কিনি খোৱাত কৈ'- লগতে তেওঁ কয়।

উল্লেখ্য যে  যিসময়ত পথাৰো আমাৰ বজাৰো আমাৰ শ্লোগান দি কৃষি ব্যৱস্থাত নৱপ্ৰজন্মক আগবঢ়াই অনাৰ প্ৰচেষ্টা চলাইছে সেই সময়ত কৃষকে উৎপাদিত ফচল বিক্ৰীৰ বাবে বজাৰ সৃষ্টি কৰাৰো কৃষি বিভাগ প্ৰধানৰ দায়িত্ব হোৱা উচিত।

Your Comments