APDCL পৰীক্ষাৰ কেলেংকাৰীৰ তথ্য কিদৰে পোহৰলৈ আহিছিল! মুখ্যমন্ত্ৰীৰ বৰ্ণনা পঢ়ি লওঁক

A

নিউজ ডেস্ক:

'যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰক বুলি একাংশই হুলস্থুল কৰি থাকিব তেতিয়া গম পাব যে ইয়াত গণ্ডগোল সোমাই আছে'- সৰ্বানন্দ সোণোৱালৰ দিনত অনুষ্ঠিত হোৱা এপিডিচিএল পৰীক্ষাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই  কেলেংকাৰীৰ যথেষ্ট তথ্যৰ ভিত্তিত ১০জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷এপিডিচিএলৰ  প্ৰাৰ্থী সকলৰ সৈতে গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলে সঘনাই টেলিফোনত যোগাযোগ কৰিছিল বুলি প্ৰমাণিত হৈছে ।এজন ব্যক্তিৰ ঘৰৰ পৰা উত্তৰ চিট(OMR) আৰু প্ৰশ্নকাকত জব্দ হৈছে।ফলাফল পুনঃপৰীক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছিল।কিন্তু এপিডিচিএলে যিটো এজেঞ্চিক ব্যৱহাৰ কৰিছিল পুনৰ একেটাকে ব্যৱহাৰ কৰিছিল।২৭৮জন প্ৰাৰ্থীৰ লগত ব্যক্তিসকল যোগাযোগত  আছিল।তাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে- শৰ্মাই কয়।

আনহাতে, এপিডিচিএলৰ ব’ৰ্ডক  যোৱা পৰীক্ষা বাতিল কৰি পুনৰ নতুনকৈ অনুষ্ঠিত কৰাৰ  পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।প্ৰায় ১৬০০পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

'অসমত এনেধৰণৰ কেলেংকাৰী আৰু বহুতো আছে।অহা এমাহত আৰু বহুত দেখিবলৈ পাব।ছমাহৰ ভিতৰত সকলো ঠিক কৰাৰ লক্ষ্য।
কাৰণ ১লাখ নিযুক্তিত খেলিমেলি নহয়'- শৰ্মাই কয়।

আনহাতে, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- দায়িত্বসহকাৰে কাম কৰক।এই চৰকাৰৰ দিনত বেয়া কাম চোৱাৰ কাৰোৰে ইচ্ছা নাই।

Your Comments