পল্লৱী মটর্ছৰ কর্মচাৰীৰ আত্মহত্যা , পঢ়ি চাওক

A

 

নিউজ ডেস্ক:

  গুৱাহাটীৰ ভঙাগড়স্হিত পল্লৱী মটর্ছত কর্মৰত বিদ্যুৎ বিকাশ দত্ত নামৰ কর্মচাৰীজনে  শুকুৰবাৰে বাথৰুমত চিপ লৈ আত্মহত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

উল্লেখ্য যে প্রতিষ্ঠানটোত কর্মৰত কর্মচাৰীজনক কালি চিপ লোৱা অৱস্থাত আন এগৰাকী কর্মচাৰীয়ে প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতেই প্রতিষ্ঠানটোৰ বিষয়ববীয়াই ভঙাগড় আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰায়৷ 
প্ৰতিষ্ঠানটোত কৰ্মৰত আন এগৰাকী কৰ্মচাৰীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে "বিদ্যুতক ঠিক থকা যেনেই দেখিছিলোঁ। ভিতৰি কিবা সংশয় আছিল যদিও কোনো ধৰণৰ চিন্তাৰ চাপ তেওঁৰ মুখত দেখা পোৱা নাছিলো "৷
 
ঘটনাৰ কিছু সময় পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কর্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ জানিব পৰা মতে কিছুদিন পূর্বে বিবাহপাশত আবদ্ধ হৈছিল দত্তই ৷ কি কাৰণত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে, তাক লৈ  ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

 

Your Comments