সোণোৱালৰ দিনত অনুষ্ঠিত APDCLৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী, ১০জনক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক :

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত অনুষ্ঠিত এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীত জড়িত ১০জনক গ্ৰেপ্তাৰ।চিএম ভিজিলেন্সৰ হাতত শুকুৰবাৰে নিশা বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত কেইজনক।বৰ্তমানো পলাতক অৱস্থাত আছে এজন অভিযুক্ত।উল্লেখ্য যে ২০১৯ চনত অনুষ্ঠিত হৈছিল পৰীক্ষা।কিন্তু ফলাফল ঘোষণা হোৱা নাছিল পৰীক্ষাৰ।Office Cum field Assistant পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক মহম্মদ আতাও ৰহমান বৰ্তমান পলাতক।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনক আজি হাজিৰ কৰাব আদালতত।অভিযুক্ত কেইজনৰ ভিতৰত ২গৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে।

দিছপুৰ ডাউনটাউনৰ বাসগৃহৰ পৰা এপিডিচিএলৰ অধ্যক্ষ দীপাংক দিহিঙীয়াক গ্ৰেপ্তাৰ কৰাৰ উপৰিও
লংকেশ্বৰৰ পৰা শশাংক শইকীয়াক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।শইকীয়াক লগত লৈ নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত চলোৱা হয় অভিযান।

ইফালে গ্ৰেপ্তাৰ হৈ অধ্যক্ষ দীপাংক দিহিঙীয়াই কয়-'চাকৰি জীৱনত কেতিয়াও তেনেকুৱা কাম কৰা নাই ।এজন অনেষ্ট অফিচাৰ হিচাপে নাম আছে।দুদিন পাছত সঁচা কথা অসমবাসী ৰাইজে অৱগত হ'ব'।

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা ০৪/২০২১নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক কেইজনক।

তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি দিছপুৰ, সাতগাঁও, বশিষ্ট লতাশিল, জালুকবাৰী, হাটীগাঁৱত  চলিছিল অভিযান।

ৰৌজী কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।

Your Comments