গৰুখুঁটিত আক্ৰমনকাৰী ফটোগ্ৰাফাৰ বিজয় শংকৰ বণিয়াক জেললৈ প্ৰেৰণ

A

নিউজ ডেস্ক:

গৰুখুঁটিত উচ্ছেদিত প্ৰতিবাদকাৰীক আক্ৰমণ কৰা দৰং জিলা প্ৰশাসনৰ ফটোগ্ৰাফাৰ বিজয় শংকৰ বণিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে চি.আই.ডিয়ে গ্ৰেপ্তাৰ কৰা বণিয়াক আজি হাজিৰ কৰা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।আদালতে বণিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে  গৰুখুঁটিত  উচ্ছেদিত এজন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত আহত হোৱাৰ পাছত বণিয়াই বৰ্বৰ ভাৱে আক্ৰমণ কৰিছিল।সমগ্ৰ আক্ৰমণৰ ঘটনা সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ফটোগ্ৰাফাৰ গৰাকীক গ্ৰেপ্তাৰৰ দাবী উঠিছিল।

Your Comments