২১২জন কংগ্ৰেছীলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব' কজ নটিছ, পঢ়ি লওঁক

A

নিউজ ডেস্ক:

 

বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীক বিৰোধিতা কৰি বিৰোধী পক্ষৰ প্ৰাৰ্থীক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় বা সমৰ্থন কৰি দল বিৰোধী কাৰ্য্যকলাপত জড়িতৰ অভিযোগত ২১২জন কংগ্ৰেছীলৈ জাননী প্ৰদেশ কংগ্ৰেছৰ।১৫ খন জিলাৰ কংগ্ৰেছে অভিযোগ সমূহ প্ৰদেশ কংগ্ৰেছৰ ওচৰত দাখিল কৰিছে।জিলা কংগ্ৰেছৰ অভিযোগ পৰীক্ষা কৰিবলৈ প্ৰদেশ কংগ্ৰেছে গঠন কৰে তদন্ত কমিটি।এই তদন্ত কমিটিয়ে সদস্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পৰীক্ষাৰ অন্তত সদস্যৰ বিৰুদ্ধে (Show Cause Notice) সিদ্ধান্ত লয়।উল্লেখ্য যে অভিযুক্ত কংগ্ৰেছী সদস্যসকলে আত্মপক্ষৰ  সমৰ্থনত ১৫দিনৰ সময়সীমাৰ ভিতৰত প্ৰদেশ কংগ্রেছক দিব লাগিব স্পষ্টীকৰণ।সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে অনুশাসন তদন্ত কমিটিৰ অধ্যক্ষ তথা বিধায়ক ভৰত চন্দ্ৰ নৰহে।

 

দল বিৰোধী কাৰ্যকলাপত জড়িত থকা জিলা ভিত্তিক কংগ্ৰেছী-কাৰ্বি আংলঙৰ   ৮জন, লক্ষীমপুৰৰ ৫১জন, ডিব্ৰুগড়ৰ ১২জন, ধুবুৰীৰ ২৬জন, চৰাইদেউৰ ৮জন, তিনিচুকীয়াৰ ২৫ জন, শোণিতপুৰৰ ৮জন, বিশ্বনাথৰ ২জন, কামৰূপ (মেট্ৰ)ৰ ১৯জন, 

হোজাইৰ ৮জন, কামৰূপ (গ্ৰাম্য)ৰ ২জন, নগাঁৱৰ৫জন, কৰিমগঞ্জৰ ২৯জন, হাইলাকান্দিৰ ৫ জন আৰু বঙাইগাঁৱৰ ৪জন।

Your Comments