ঢলপুৰ কাণ্ডক গৰিহণা এজেপিৰ, আৰক্ষীৰ গুলিত নিহত আত্মীয়লৈ ক্ষতিপূৰণৰ দাবী

A

নিউজ ডেস্ক:

বৃহস্পতিবাৰে ছিপাঝৰৰ গৰুখুঁটি ধলপুৰত উচ্ছেদস্থলীত সংঘটিত বৰ্বৰ গুলীচালনাৰ ঘটনা আৰু অমানৱীয়তাক গৰিহণা অসম জাতীয় পৰিষদৰ৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয়- চৰকাৰী ভূমি বেদখলমুক্ত কৰা বিষয়ত জাতীয় পৰিষদৰ বিৰোধ নাই৷কিন্তু উচ্ছেদ পক্ষপাতিত্ববিহীন, শান্তিপূৰ্ণ আৰু যথাসম্ভৱ সৰ্বনিম্ন ক্ষয়-ক্ষতিৰ বিনিময়ত হ’ব লাগিব৷কিন্তু গৰুখুঁটি ধলপুৰত প্ৰশাসন আৰু আৰক্ষী বিভাগে এই নীতি মানি চলা নাই৷সকলো পৰিয়ালকে পৰ্যাপ্ত সময় দি আগতীয়া জাননী জাৰি কৰি উচ্ছেদিত লোকসকলৰ নিৰাপদ স্থানান্তৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান চলাই চৰকাৰে মানৱতাৰ ধৰ্ম পালন কৰা নাই৷ 

'প্ৰতিবাদকাৰী লোকৰ ওপৰত গুলীচালনাৰ ঘটনা কেতিয়াও সমৰ্থনযোগ্য নহয় বৰং গৰিহণাৰ যোগ্য’ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই আৰক্ষীৰ গুলীত নিহত ২ নিকটাত্মীয়লৈ উপযুক্ত সাহায্য আগবঢ়োৱাৰ দাবী জনায়৷

Your Comments