মালিয়াৰ পলায়নত প্ৰধান মন্ত্ৰীৰ অনুমোদন আছিল : ৰাহুল

মালিয়াৰ পলায়নত প্ৰধান মন্ত্ৰীৰ অনুমোদন আছিল : ৰাহুল

নৰেন্দ্ৰ মোডী চৰকাৰৰ জ্ঞাতসাৰেই দেশ ত্যাগ কৰা বুলি পলাতক উদ্যোগপতি বিজয় মালিয়াই দিয়া স্বীকাৰোক্তিক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ অস্বস্তি ক্ৰমশঃ বাঢ়ি গৈ আছে ৷

মালিয়াৰে কোনো সাক্ষাৎ হোৱা নাই বুলি বিত্তমন্ত্ৰীয়ে বাৰে বাৰে দাবী কৰা সত্ত্বেও তেওঁ কোনো পতিয়নযোগ্য প্ৰমাণ দিব পৰা নাই ৷ বৰং সংসদৰ চেণ্ট্ৰেল হলত মালিয়াই দেশ ত্যাগৰ দুদিন আগতে বিত্তমন্ত্ৰী জেটলিৰ লগত কমেও ১৫ মিনিট সময় ধৰি আলোচনা কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত মোডী চৰকাৰৰ অস্বস্তি অধিক বাঢ়ি গৈছে ৷

মালিয়াৰ পলায়নত প্ৰধান মন্ত্ৰীৰ অনুমোদন আছিল : ৰাহুল

কংগ্ৰেছ সাংসদ পি এল পুনিয়াই দাবী কৰিছে, সংসদৰ চেণ্ট্ৰেল হলত ২০১৬ চনৰ মাৰ্চ মাহত জেটলি আৰু মালিয়াই মুখামুখিকৈ বহি কমেও ১৫ মিনিট ধৰি আলোচনা কৰি থকাৰ তেওঁ নিজে প্ৰত্যক্ষদৰ্শী ৷

কেৱল সেয়াই নহয়, জেটলি-মালিয়াই বাৰ্তালাপ কৰি থকা অন্যান্য সাংসদেও প্ৰত্যক্ষ কৰিছে বুলি পুনিয়াই দাবী কৰিছে ৷ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এই তথ্য দাঙি ধৰি এতিয়া খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকেই আক্ৰমণ কৰিছে ৷

ৰাহুল গান্ধীৰ দাবী, বিজয় মালিয়াৰ ‘মহাপ্ৰস্থানৰ’ আঁৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত আছে ৷ কংগ্ৰেছৰ দাবী, মোডী চৰকাৰৰ পৰামৰ্শ আৰু সেউজ সংকেতৰ পিছতেই বিজয় মালিয়াই গোপনে ভাৰতৰ পৰা লণ্ডনলৈ পলাই যায় ৷

মালিয়াৰ পলায়নত প্ৰধান মন্ত্ৰীৰ অনুমোদন আছিল : ৰাহুল

সংসদৰ চেণ্ট্ৰেল হলত জেটলি-মালিয়াৰ দীৰ্ঘ সময় বাৰ্তালাপৰ দৃশ্য চিচি টিভিৰ ৰেকৰ্ডত পোৱা যাব বুলিও কংগ্ৰেছ সাংসদ পুনিয়াই দাবী কৰিছে ৷ তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছ সাংসদে সদৰী কৰা এই তথ্যক বিত্তমন্ত্ৰী জেটলী অথবা মোডী চৰকাৰে এতিয়ালৈকেও খণ্ডন কৰিব পৰা নাই ৷

ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে বিজয় মালিয়াই দেশ ত্যাগ কৰিব পাৰে বুলি জাৰি কৰা সতৰ্কতাৰ নিৰ্দেশ চিবিআই-এ প্ৰধান মন্ত্ৰী মোডীৰ অনুমোদনক্ৰমেই গাপ দিছিল ৷

লক্ষণীয় যে বিজয় মালিয়াৰে যে জেটলী আলোচনাত বহিছিল, মালিয়াই পলাই যোৱাৰ আঢ়ৈ বছৰ পাৰ হোৱাৰ পাছতো জেটলীয়ে সেই কথা গাপ দি ৰাখিছিল ৷ ৰাহুল গান্ধীয়ে টুইটাৰত এই কথাও উল্লেখ কৰে ৷

মালিয়াৰ পলায়নত প্ৰধান মন্ত্ৰীৰ অনুমোদন আছিল : ৰাহুল

ইফালে আই পি এল কেলেংকাৰিৰ খলনায়ক তথা আন এক পলাতক বি চি চি আই বিষয়া ললিত মোডীয়েও শুকুৰবাৰে অৰুণ জেটলীক ‘মিছলীয়া’ বুলি আখ্যা দি চোকা ভাষাত আক্ৰমণ কৰে ৷

তেওঁ কয় যে মালিয়াৰে হোৱা সাক্ষাতৰ কথা অস্বীকাৰ কৰি অৰুণ জেটলীয়ে গোকাট মিছা কথা কৈ আছে ৷ তেওঁ অৰুণ জেটলীক ‘সাপ’ বুলিও আখ্যা দিয়ে ৷ ললিত মোডীয়ে কয়, জেটলী আৰু মালিয়াৰ সাক্ষাতৰ কথা বহু লোকেই জানে ৷

তথাপি তেওঁ সেই সাক্ষাতৰ কথা অস্বীকাৰ কৰি কিনো লাভ হ’ব ? ললিত মোডীৰ মন্তব্য, আচলতে মিছা মতাটো জেটলীৰ স্বভাৱত পৰিণত হৈছে ৷ তেওঁৰ মতে, 'সাপৰ পৰা কিনো আশা কৰিব পাৰি... মূৰ্খৰ দৰে অস্বীকাৰ কৰি গৈ থকাৰ পৰিৱৰ্তে নিজৰ সন্মান বৰ্তাই ৰাখি জেটলীয়ে কাম কৰা উচিত ৷' 
 

Your Comments