আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা শিক্ষকক সম্বৰ্ধনা --

A

নিউজ ডেস্ক:

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্ম দিন উপলক্ষে সমগ্ৰ দেশে সমাজক পোহৰৰ বাট দেখুওৱা শিক্ষক সকলৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছে।শিক্ষক দিৱস উপলক্ষে  সমাজক জ্ঞানৰ পোহৰ বিলোৱা শিক্ষক সকললৈ শুভেচ্ছা জনোৱাৰ লগতে আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিৰ পৰা দুগৰাকী সন্মানীয় শিক্ষকক তেখেত সকলৰ বাসগৃহত গৈ সম্বৰ্ধনা জনোৱা হয়। জে বি আইন মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত প্ৰণৱ কুমাৰ গোস্বামী আৰু শিক্ষক শ্ৰীযুত সঞ্জয় কুমাৰ বাৰ্মাৰ শিক্ষাৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে এই সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে শ্ৰীযুত প্ৰণৱ কুমাৰ গোস্বামীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে কেতবোৰ বঁটা লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে। 
মানৱ অধিকাৰ সংগঠনটোৰ পৰা সম্বৰ্ধনা লাভ কৰি দুয়োগৰাকী ব্যক্তিয়ে অতি আনন্দিত বুলি অনুভৱ ব্যক্ত কৰে।
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী কৰণ কুমাৰ ভুঞা আৰু সাধাৰণ সম্পাদক শ্ৰী ৰাজীৱ চৌধুৰীয়ে দুয়োগৰাকী সফল শিক্ষকৰ বাসভৱনলৈ গৈ এখন মানপত্ৰ, ফুলাম গামোচা , জাপিৰে সম্বৰ্ধনা জনায়।
পৰৱৰ্তী সময়ত এনে ধৰণৰ বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মানৱ অধিকাৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি শ্ৰী কৰণ কুমাৰ ভুঞাই জানিব দিছে।B

Your Comments

Related Articles