শিক্ষাবিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ লাভলীনা বৰগোঁহাই: সামাজিক মাধ্যমত শিক্ষা বিভাগক তীক্ষ্ণ সমালোচনা ৰাইজৰ

নিউজ ডেস্ক:

অলিম্পিকৰ পদক জয়ী লাভলীনা বৰগোঁহাইক শিক্ষা বিভাগৰ বেণ্ড এম্বেছাদৰ ঘোষণা।শিক্ষক দিৱসৰ ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰিলে এই কথা।গোলাঘাটৰ কন্যা লাভলীনা অলিম্পিক জয়ী প্ৰথম গৰাকী অসমীয়া।

গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল শিক্ষা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী।

ইফালে খেলুৱৈ গৰাকীক শিক্ষা বিভাগে ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা কৰাত সামাজিক মাধ্যমত বিভিন্ন জনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।চৰকাৰক সমালোচনা কৰি কয় যে -খেলুৱৈ গৰাকীক লৈ ৰাজনীতি কৰা ভাল নহয়।ব্ৰেণ্ড এম্বেছাদৰ কি চৰকাৰে হয়তো নাজানে।

শিক্ষা বিভাগৰ সিদ্ধান্তক বিৰোধিতা কৰি কিছুৱে কয়- তেওঁক ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ  হিচাপে নিযুক্তি দিয়ক।শিক্ষা বিভাগত কৰিব কি?

Your Comments

Related Articles