আলফাত পদোন্নতি: সৰ্বোচ্চ সমিতি গঠন

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী, আলফা(স্বা)ৰ সৰ্বোচ্চ সমিতি গঠন।প্ৰেছ বিবৃত্তিৰ জৰিয়তে সশস্ত্ৰ সংগঠনটোৱে সৰ্বোচ্চ সমিতি গঠনৰ কথা আজি ৰাজহুৱা কৰিছে।

সংগঠনটোৰ তিনিজনীয়া উচ্চতম পৰিষদ গঠন।সভাপতি জেনেৰেল পৰেশ অসম, সদস্য ক্ৰমে লে. জেনেৰেল  মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম।

সশস্ত্ৰ সংগঠনটোৰ মে. জেনেৰেল নয়ন অসমক সভাপতি হিচাপে ৰাখি ৫জনীয়া উচ্চ পৰিষদ গঠন কৰিছে।তাৰ সদস্য ক্ৰমে- এ.জেদ শিৰোনাম অসম, অৰুণোদয় অসম, সমীৰণ অসম।

একেদৰে নিম্ন পৰিষদৰো সভাপতিৰ দায়িত্বত মে.জেনেৰেল নয়ন অসমৰ হাতত অৰ্পণ কৰিছে সংগঠনটোৱে ।উক্ত পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত আছে ১৩ গৰাকী সদস্য।

গুৰুত্বপূৰ্ণ কথা এই যে  বিবৃত্তিত উল্লেখ কৰা মতে ৪ ছেপ্টেম্বৰত গঠন কৰিছে কমিটিসমূহ।B

Your Comments

Related Articles