সমাজ কল্যাণ বিভাগৰ সঞ্চালক পদৰ পৰা বিভাস চন্দ্ৰ মোডীক অপসাৰণৰ দাবীত একত্ৰিত যুৱ পৰিষদৰ

A

নিউজ ডেস্ক:


বিতৰ্কই লগ নেৰা সমাজ কল্যান বিভাগৰ নীতিবহিৰ্ভুতকাৰ্যই ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।শেহতীয়াকৈ ভাৰতীয় প্ৰশাসনিক সেৱা ১৯৫৪ সেৱাৰ বিধি উলংঘা কৰি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ পৰিৱৰ্তে অসম অসামৰিক সেৱা বিষয়া বিভাস চন্দ্ৰ মোডীক বিভাগটোৰ  সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।যিটো সম্পূৰ্ন অসাংবিধানিক বুলি অভিহিত কৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে।শনিবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটো সভাপতি বিদ্যুত কলিতাই কয়- সমাজ কল্যান বিভাগৰ সঞ্চালক পদত অধিস্থিত হবলৈ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ অসম-মেঘালয়ৰ মুঠ ১৩৫টা আই.এ.এছ পদৰ এজন হোৱাটো বাঞ্চনীয়।সেৱা বিধিত উল্লেখ থকা ৯নং দফা অনুসৰি যদি ৰাজ্যখনত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ অভাৱ হয় তেন্তে উক্ত ঠাইত তিনিমাহৰ বাবে ৰাজ্যৰ প্ৰশাসনিক বিষয়াক নিযুক্তি দিব পাৰে।কিন্তু তিনিমাহ উকলাৰ পূৰ্বে নিৰ্দিষ্ট ভাৰতীয় প্ৰশাসনিক বিষয়া নিযুক্তি দিব লাগে নতুবা ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সেৱা বিষয়াৰ ম্যাদ বৃদ্ধিৰ বাবে কেন্দ্ৰৰ অনুমতিৰ প্ৰয়োজন।কিন্তু ৰহস্যজনক ভাৱে সকলো নিয়ম ভৰিৰে মোহাৰি চৰকাৰে কেৱল মাত্ৰ মুনাফাৰ বাবেই বিতৰ্কিত ব্যক্তি এজনক সঞ্চালক পদত বহুৱাই ৰাখিছে।

গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদমেলত সংগঠনটোৱে কয়- সমাজ কল্যান বিভাগত তিনি গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বৰ্তমানো কাৰ্যনিৰ্বাহ কৰি আছে।তাৰ পাছতো কি কাৰণত ৰাজ্যৰ প্ৰশাসনিক সেৱা বিষয়া এগৰাকীক সঞ্চালক কৰি ৰাখিছে সেয়া ৰহস্যজনক।

সভাপতি কলিতাই সমাজ কল্যান বিভাগক উদ্দেশ্য কৰি কয় দুৰ্নীতিত নিমজ্জিত সঞ্চালক গৰাকীক শীঘ্ৰে সেই পদৰ পৰা অপসাৰণ কৰিব লাগে।অন্যথা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰক শাখা আৰু চিবিআইত ৰুজু কৰা হ’ব গোচৰ।ইফালে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে সংগঠনটোৱে।

Your Comments

Related Articles