সোমবাৰৰ পৰা কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক- স্বাস্থ্যমন্ত্ৰী

A

নিউজ ডেস্ক:


'সোমবাৰৰ পৰা প্ৰত্যেক চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানে প্ৰৱেশদ্বাৰৰ সন্মুখত ভেকচিন লোৱাৰ জাননী লগাব লাগিব।ভেকচিন নোলোৱা কোনো ব্যক্তি কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ ভিতৰত থাকিব নোৱাৰিব'- এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।একে নিয়ম পালন কৰিব লাগিব বে-চৰকাৰী অনুষ্ঠান-কাৰ্যালয়সমূহে।ব্যৱসায়ী সকলে নিজ প্ৰতিষ্ঠানৰ সন্মুখত ভেকচিন গ্ৰহণ কৰা বুলি ঘোষণা কৰি পোষ্টাৰ লগাব লাগিব।শনিবাৰে গুৱাহাটীত এই কথা ঘোষণা কৰে মহন্তই।

উল্লেখ্য যে কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত লগাই ৰখাৰ ঘোষণাৰ ভিত্তিত চেক কৰিব।কোনোৱে যদি মিছাকৈ লোৱা বুলি ঘোষণা কৰি থৈ দিয়ে তাৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।জিলা উপায়ুক্তসকলক ইয়াৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে- মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে, ৰাজ্যত অভাৱ নাই ভেকচিনৰ।স্বাস্থ্য বিভাগৰ হাতত পৰ্যাপ্ত ভেকচিন আছে।বৰ্তমান ২৫লাখ ভেকচিন মজুত আছে।

গুৰুত্বপূৰ্ণ কথা এই যে ভেকচিন নোলোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰি ধৰা পৰিলে চীল হ’ব প্ৰতিষ্ঠানখন। একেদৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা পৰ্যন্ত কৰ্তন হ’ব।এই কথা স্পষ্টকৈ ঘোষণা কৰে মহন্তই।

 ইফালে, ১৮ বছৰৰ তলৰ সকলে ভেকচিন গ্ৰহণ নকৰিলেও আহিব পাৰিব বিদ্যালয়।

Your Comments