নিলাম হ'ব নগাঁও-কাছাৰ কাগজকল: ১৫দিনৰ ভিতৰত আৱাসিক কোৱাৰ্টাৰ খালীৰ নিৰ্দেশ

A

নিউজ ডেস্ক:

ৰাজ্যৰ দুটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰীৰ বাবে সাজু চৰকাৰ।নগাওঁ- কাছাৰ কাগজ কলৰ আবাসীলৈ কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশনা।১৫ দিনৰ সময়সীমা বান্ধিলে কোৱাৰ্টাৰ খালী কৰিবৰ বাবে ৷লিকুইডেটৰ কুলদ্বীপ বৰ্মাই শুকুৰবাৰে এনচিএলটি কৰ্তৃপক্ষক দাখিল কৰে এই নিৰ্দেশনা।

উল্লেখ্য যে আবাসী সকলক ১৫ দিনৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰ খালী নকৰিলে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ নিৰ্দেশনাত।

গুৰুত্বপূৰ্ণ কথা এই যে দীর্ঘদিনে কাগজ কল দুটা বন্ধ হৈ থকাৰ লগতে তাৰ কৰ্মচাৰী সকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।বিভিন্ন সময়ত প্ৰাপ্য বিচাৰি কৰ্মচাৰীসকলে আন্দোলন তথা আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লৈছে।তাৰ মাজতে কৰ্মচাৰী সকলৰ ভৱিষ্যত শেষ কৰি ভাৰত চৰকাৰে নিলাম কৰাৰ অভিসন্ধি ৰচনা কৰিছে।

Your Comments

Related Articles