সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি দক্ষিণ কামৰূপৰ বামুণীগাঁৱলৈ সুনাম কঢ়িয়ালে হাইস্কুল শিক্ষয়িত্ৰী ববী বৰা চৌধুৰীয়ে

A

 

নিউজ ডেস্ক 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধীনত গৱেষণা কৰি শেহতীয়াকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে ছয়গাঁৱৰ এগৰাকী হাইস্কুল শিক্ষয়িত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধীনত "উত্তৰ ঔপনিৱেশিক অসমীয়া উপন্যাসত স্বাধীনতা সংগ্ৰামৰ প্ৰতিফলনঃ এক বিশ্লেষণাত্মক অধ্যয়ন (পাঁচগৰাকী ঔপন্যাসিকৰ বিশেষ আলোচনা সহ ১৯৫০-২০০০চনলৈ)" শীৰ্ষক বিষয় বস্তুৰ ওপৰত কৰা গৱেষণাৰ ফলস্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি দক্ষিণ কামৰূপৰ বামুণীগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ববী বৰা চৌধুৰী নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে। যোৱা ৩১ আগষ্ট ২০২১ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ে বৰাক প্ৰদান কৰে এই সন্মানীয় ডক্টৰেট ডিগ্ৰী।জানিব পৰা মতে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° জাহ্নৱী দেৱীৰ তত্ত্বাৱধানতে ববী বৰা চৌধুৰীয়ে এই গৱেষণা কাৰ্য সমাপ্ত কৰিছে ৷
উল্লেখযোগ্য যে ববী বৰা চৌধুৰী বৰ্তমানে ছয়গাওঁ চেইণ্ট লুইচ হাইস্কুল( কেথলিক মিচন )ৰ অসমীয়া বিভাগৰ মুৰব্বী শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত হৈ আছে। 
প্ৰচুৰ অধ্যয়নশীল গৱেষিকা গৰাকীয়ে এনেহেন এক জটিল বিষয়ত গৱেষণা চলাই নিয়াৰ সময়ত অসমীয়া ভাষাত এই বিষয়ত পৰ্যাপ্ত সমল গ্ৰন্থ নথকাত প্ৰথম অৱস্থাত কিছু সমস্যাৰ সন্মুখীন হৈছিল যদিও পিছলৈ বংগীয় সাহিত্য আৰু ইংৰাজী সাহিত্যৰ পুথি সমূহৰ জৰিয়তে এই অভাৱ পূৰ কৰিবলৈ সক্ষম হৈছিল ৷ ড° ববী বৰা চৌধুৰীয়ে তেখেতৰ এই সফলতাৰ বাবে তত্ত্বাৱধায়িকা ড° জাহ্নৱী দেৱীৰ পৰামৰ্শই মূল আছিল বুলি কৈ তেখেতৰ প্ৰতি অশেষ কৃতজ্ঞতা প্ৰকাশ কৰে। ইফালে গৱেষণা পত্ৰখনৰ পৰীক্ষণৰ দায়িত্বত থকা বিষয় বিশেষজ্ঞ সকলে উক্ত গৱেষণা পত্ৰখনত সন্তুষ্টি প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ উদ্যোগতে গ্ৰন্থৰ ৰূপত প্ৰণয়নৰ বাবেও অনুমোদন জনায়। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে প্ৰকাশ হ'বলগীয়া গ্ৰন্থখনক ভৱিষ্যতে সহায়ক পুথি হিচাপে স্বীকৃতি দিয়াৰো চিন্তা চৰ্চা কৰিব বুলি জানিব দিয়ে। উল্লেখ্য যে
ড° ববী বৰা চৌধুৰী বামুণীগাওঁ নিবাসী যুৱ ব্যৱসায়ী শ্ৰীযুত প্ৰদীপ চৌধুৰীৰ পত্নী।

Your Comments

Related Articles