বক্সাৰ যমুনা বড়ো, আৰ্চাৰ সঞ্জয় বড়োলৈ ৰাজ্য চৰকাৰৰ চাকৰি

A

নিউজ ডেস্ক:

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক জয়ী অসম কন্যা বক্সাৰ যমুনা বড়ো, আন্ত:ৰাষ্ট্ৰীয় আৰ্চাৰ চেম্পিয়ন সঞ্জয় বড়োলৈ চাকৰি। আৱকাৰী বিভাগ পৰিদৰ্শকৰূপে নিযুক্তি দিব দুয়োগৰাকী অসম গৌৰৱক।কইনাধৰাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হয় নিযুক্তি সিদ্ধান্ত।

উল্লেখ্য যে ২০১৯ চনত আইবা মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক জয় কৰিছিল যমুনাই। বিপৰীতে ২০১৪ চনত আৰ্চাৰীত পদক লাভ কৰিছিল সঞ্জয়ে।

৩ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা দুয়োগৰাকীকে নিযুক্তি পত্ৰ প্ৰদানৰ নির্দেশ মুখ্যমন্ত্ৰীৰ।সংবাদ মেলৰ জৰিয়তে এই কথা জনালে কেবিনেট মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

Your Comments