কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্রেণীৰ নামভৰ্তিৰ জাননী জাৰি, পঢ়ি লওঁক

A

নিউজ ডেস্ক :


কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ জাননী জাৰি। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মঙলবাৰে প্ৰকাশ কৰা জাননী অনুযায়ী অহা ৪ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ শ্রেণী ২০২১বৰ্ষ নামভৰ্তিৰ আৱেদন গ্ৰহণ কৰা হ'ব।বিশ্ববিদ্যালয়ৰ ৱেবচাইট admissions.cottonuniversity.ac.in জৰিয়তে কৰিব পাৰিব।

উল্লেখ্য যে অনলাইন আৱেদন দাখিলৰ অন্তিম দিন ১১ ছেপ্টেম্বৰ।জাননী খনত প্ৰকাশ  কৰা অনুসৰি স্নাতকোত্তৰ শ্রেণীৰ ৫০ শতাংশ আসন সংৰক্ষিত থাকিব কটনৰ ২০২০-২১ বৰ্ষত  স্নাতক উত্তীৰ্ণৰ  বাবে।

আনহাতে, ৫০ শতাংশ আসনৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব বাছনি পৰীক্ষা।বাছনি পৰীক্ষা (CPGEE-2021) ২১ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰৰভিতৰত অনুষ্ঠিত হ'ব।বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰকে সবিশেষ জাননীৰ জৰিয়তে প্ৰকাশ কৰিব।প্ৰশ্নকাকত  বিশ্ববিদ্যালয় চিলেবাছৰ ওপৰত ভিত্তি প্ৰস্তুত কৰা হ'ব।বাছনি পৰীক্ষাৰ বাবে ছশ (600) টকা মাচুল জমা দিব লাগিব আৱেদনকাৰীয়ে।

Your Comments