ইলিশ মাছৰ উৎপাদন হ্ৰাস: উদ্বিগ্ন মৎস্য ব্যৱসায়ী

A

নিউজ ডেস্ক:

এতিয়া ইলিশ মাছ উভৈনদী হৈ পৰাৰ সময় । কিন্তু মাছমৰীয়াবোৰে পূৰ্বতে এই সময়ছোৱাত যি হাৰত ইলিশ মাছ চিকাৰ কৰিব পৰিছিল বৰ্তমানে পূৰ্বৰ আধা হাৰতো সংগ্ৰহৰ কৰিব নোৱাৰাত উদ্ধিগ্ন হৈ পৰিছে মাছ ব্যৱসায়ী সকল। জানিব পৰা মতে পদ্মা আৰু মেঘনা নৈতো এইবাৰ ইলিশ মাছ চিকাৰ কৰিব পৰা নাই মাছমৰীয়া সকলে।ইয়াৰ ফলত বাৰুকৈয়ে হতাশ হৈ পৰিছে মাছমৰীয়া সকলৰ লগতে ইলিছ মাছৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী সকল। বিশেষজ্ঞ সকলৰ মতে পূৰ্বৰ বছৰবোৰৰ তুলনাত এই বছৰ ইলিশ মাছৰ উৎপাদন যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে বিশেষজ্ঞ সকলে নদীসমূহত মিহলি হোৱা ৰাসায়নিক আৱৰ্জনাৰ পাৰ্শ্বক্ৰিয়াকে চিহ্নিত কৰিছে। তেওঁলোকৰ মতে নদীৰ পানীত হোৱা প্ৰদূষণৰ বাবেই হয়তো ইলিশ মাছবোৰে নদীৰ পানী এৰি সাগৰৰ গভীৰ পানীৰ ফালে ধাৱমান হৈছে ।এই ক্ষেত্ৰত ইলিশ মাছক সুৰক্ষিত কৰি ৰাখিবলৈ নদীসমূহক ৰাসায়নিক আৱৰ্জনাৰ  প্ৰদূষণৰ পৰা মুক্ত ৰাখিবলৈও আহ্বান জনায়।B

Your Comments

Related Articles